পৃষ্ঠা:Kirtan Ghosha.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৭]
১৫৯
হৰ-মোহন


সপ্তম কীৰ্ত্তন

ঘোষা॥ প্ৰাণ হৰি নেয় বুলি ডাক ছাড়ে ত্ৰিপুৰাৰি।
 হৰক মুহিয়া যান্ত মোহন মুৰাৰি॥৭


পদ॥ দেখি হাসি সুন্দৰী পলান্ত লাগ নেদি।
 নযা নযা বুলি বৃষধ্বজে যান্ত খেদি॥
 গিৰি-গুহা বন নদ-নদী সৰোবৰ
 খেদিয়া ফুৰন্ত হৰে দ্বীপ-দ্বীপান্তৰ॥ ৬১
 আছে ঋষিগণৰ আশ্ৰম অসংখ্যাত।
 পলান্তে খেদন্তে দুয়ো প্ৰৱেশিলা তাত॥
 মদনৰ পাড়াত এড়িলা হৰে লাজ।
 খেদিয়া ফুৰন্ত আশ্ৰমৰ মাজে মাজ॥ ৬২
 আউল-জাউল হুয়া চক্ষু-মুখ ঢাকে জটে।
 বিবস্ত্ৰে কন্যাক হৰে খেদে উলঙ্গতে॥
 দেখি ঋষি পত্নীগণে হাসে নিৰন্তৰ।
 কেহো মুখে বস্ত্ৰ দিয়া পশে অভ্যন্তৰ॥ ৬৩
 উন্মত্ত পাগল কিনো ভৈলা মহাদেৱ।
 কেনমতে আঙ্ক সুৰাসুৰে কৰে সেৱ॥
 উলঙ্গতে খেদন্ত কাহাৰ বউ ঝীউ।
 লাজ-কাজ মৰ্য্যাদা এড়িলা সদাশিউ॥ ৬৪