এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কীৰ্তন-ঘোষ!
{ খণ্ড ৮
মদনৰ শৰে হৰ হৃদয়ত ফুটি।
মহাদুঃখে মাটিত পাড়ন্ত লোটাপুটি। ৫৭
কতে উঠি কন্যাক কৰ কাওবাও।
অঙ্গুলি বেত লঞো পালটিয়া চায়ো৷
তোৰসে নিমিত্তে কৰে মদনে দগধ।
মই যেৱে মৰো তোত লাগিবেক বধ॥ ৫৮
মহাপাপ প্ৰাণী-হত্যা তাকো শঙ্কা নাই।
কোননে সাধিবি স্বৰ্গ আমাক মৰাই।
এভো পাশ চাপ আসি কৰো আলিঙ্গন।
তোহোৰ সফল হোক এ নৱ যৌৱন॥ ৫৯
নেদেখয় কেৱে বান্ধৈ কিয় কৰ লাজ।
নাহি আন পুৰুষ নিৰ্জন বন মাঝ।
তঞি যেৱে নাসস আপুনি চাপো কোল।
এহি বুলি লাসে লাসে যান্ত হুয়া ভোল৬০
পা
৫৯। প্ৰাণীহত্যা-প্ৰাণহিংসা।
এ নৱনয়।