পৃষ্ঠা:Kirtan Ghosha.pdf/১৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ] হৰ-মোহন কতনো কৰিলো তোৰ ঘোৰ অপৰাধ। এভো যেন কৰ বান্ধৈ বচন নবাধ। দান্তে খেড় কামোৰো সাবট হাত মেলি। তোৰ মোৰ হৌক ক্ৰীড়া-কৌতুহল-কেলি। ৫৪ স্ত্ৰী বুলি বৃক্ষক চুম্বন্ত আঙ্কোৱালি। দেখিয়া হাসন্তু নাৰী-ৰূপে বনমালী। অনন্তৰ হৰে চক্ষু মেলি চাইল পাছে। দেখ নোহন্ত কন্যা ধৰি আছা গাছে। ৫৪ তাক এড়ি সুন্দৰীক খেদন্ত দুনাই। যেন মত্ত হস্তী হস্তিনীক খেদি যায়। লাগ নেদি ৰমণীও পলান্ত লৱড়ি। মহাবেগে শঙ্কৰে খেদন্ত ভৰি ভৰি। ৫৫ ন্যায় নুপুহায় মদনৰ উতপাতে। পাইলো পাইললা বুলি কতত চাব দেন্ত হাতে॥ আঙ্গুলিৰ আগে যেন ছোৱে উচ্চ কুচ। আন্তৰন্ত কন্যা হৰ পড়ি যান্ত মূছ॥ ৫৬ পুৰাতন শৰ্জ কামদেৱে ছিদ্ৰ পাই। প্ৰহান্ত পুষ্প-বাণ দুনাই দুনাই। মুছ-মুল, সুস্থ।