পৃষ্ঠা:Kirtan Ghosha.pdf/১৬৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন-ঘোষা { খণ্ড ৮ হৰষ-বদনে বান্ধৈ দিয়ে মোক চুমা। কৰা আলিঙ্গন কি কৰিতে পাৰে উমা। ৪৮ কিয়নো নেদেস প্ৰাণেশ্বৰী মোক লাগ। যেহি লাগে সেহি দিবে পাৰৰ মোত মাগ॥ কৈলাসৰ পাতিবো তোহোক অধিকাৰী। সেৱা কৰি থাকিবে যতেক দিব্য নাৰী॥ ৪৯ নকৰিবো দ্বন্দবাদ নপাৰিবো গালি। ময়ো দাস তোমাৰ থাকিবো আজ্ঞা পালি। তোমাৰেসে কৰি দিবো পাৰ্বতীক চেড়ী। আৰ যোনো যাস প্ৰাণেশ্বৰী মোক এড়ি। ৫০ দেখিবে নৱাৰা যেৱে আমাৰ কুবেশ। জটাকো মুণ্ডা তেৱে কৰিয়ো আদেশ। সৰ্প গুচাই পিন্ধো আনি দিব্য অলঙ্কাৰ। মুণ্ডমালা গুচাই আঁৰৰ গলে হেমহাৰ॥ ৫১ বাঘ-ছাল এড়ি পিন্ধো দেঙ্গ-বসন। ভস্ম গুচাই গাৱে ঘষো আগৰ চন্দন। যেহি লাগে বোল বান্ধৈ তাক মঞি কৰো। মুখ চাই নমাত সম্যকে আত মৰো॥ ৫২ পা’ ৪৮ | হ-সৰস।