পৃষ্ঠা:Kirtan Ghosha.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
[খণ্ড ৮
কীৰ্ত্তন ঘোষা


উঠন্ত বৈসন্ত মাত্ৰ কৰে উসমিস।
কৈক গৈলা কৃষ্ণ একো নপান্ত উদ্দিশ॥ ২২
এহিমতে চান্ত হৰে আকুলিতভাৱে।
ভণিল শঙ্কৰে গোৱিন্দৰ দুই পাৱে॥
শুনা সৰ্ব্বজনে মহাভাগৱত-পদ।
বোলা হৰি হৰি ডাকি খণ্ডোক আপদ॥ ২৩

তৃতীয় কীৰ্ত্তন

ঘোষা। জয় জয় ৰাম জয় ছিৰীৰাম
 জয় সনাতন হৰি॥ ৩

পদ॥পাছে ত্ৰিনয়ন দিব্য উপবন
 দেখিলন্ত বিদ্যমান।
 ফল-ফুল ধৰি ঝকমক কৰি
 আছে যত বৃক্ষ মান॥

 শিৰীষ সেউতী  তমাল মালতী
 লৱঙ্গ বাগি গুলাল।
 কৰবীৰ বক কাঞ্চন চম্পক
 ফুল-ভৰে ভাঙ্গে ডাল॥ ২৪


পা ঘোষা ৩॥ জয় জয় ৰাম - জয় হৰি নাম।