পৃষ্ঠা:Kirtan Ghosha.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
১৪৫
হৰ-মোহন

কামুক জনৰ তাত মহা কুতুহল।
তুমি মহা যােগীৰ দেখিবে কোন ফল॥ ১৭
ঘােৰ নাৰী-মায়া সৰ্ব্ব মায়াতে কুৎসিত।
মহা সিদ্ধ মুনিৰাে কটাক্ষে মােহে চিত্ত ॥
দৰশনে কৰে তপ-জপযােগ-ভঙ্গ।
জানি জ্ঞানীগণে কামিনীৰ এৰে সঙ্গ॥ ১৮
সিটো স্ত্রী-ৰূপক দেখিবা কোন কাজে।
তুমি ভােল ভৈলে হাসিবেক সামৰাজে॥
এতেকেসে বােলাে ক্ষমা কৰা পশুপতি।
হেন শুনি হাসি হৰে হৰিত বদতি ॥ ১৯
মহাযােগ-বলে শুদ্ধ কৰি আছে কায়া।
ব্ৰহ্মময় দেখাে কি কৰিতে পাৰে মায়া।
দহি আছো মদক আৰু শঙ্কা নাই।
মাধৱে মাতিলা হাসি শঙ্কৰক চাই ॥২০
দেখাইবাে তােমাক আজি সেহি তিৰী-বেশ।
এহি বুলি অন্তৰ্দ্ধান ভৈলা হৃষীকেশ॥
আগত নাহিকে হৰি ভৈলা কোন ভিতি।
চতুর্ভিতি চান্ত হৰ পাৰ্ব্বতী সহিতি॥২১
বিদুৰক লাগি হৰে চান্ত হুয়া থিয়।
চাপৰি চাহান্ত নেত্ৰ বলাই সদাশিৱ॥

১০