পৃষ্ঠা:Kirtan Ghosha.pdf/১৪৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


sob কীৰ্তন-ঘোষা [ খও ৭. কতে কালে গজেন্দ্ৰৰ বল ভৈল হানি। গ্ৰাহৰ বাঢ়িল বল পিয়া স্বাদ পানী। শ্ৰান্ত ভৈল গজৰাজ যুজিতে নপাৰে। চিহৰে হস্তিনীসৱে বেঢ়ি চাৰি পাৰে। ২৬ আনোসৱ দন্তাল স্বামীৰ ঘোৰ দুঃখে। ৰাখিতে নপাৰি কাৰো বাক্য নাসে মুখে। দেখিল গজেন্দ্ৰ আপুনাৰ মৃত্যু-ভয়। ৰাখন্তা নাহিকে আৰ পুত্ৰ ভাৰ্য্যাচয়॥ ২৭ সঙ্কট-বেলাত তান সদবুদ্ধি ভৈল। কি ভৈল কি ভৈল বুলি গুণিবাক লৈল। আমি হেন গজেন্দ্ৰ জগতে যাক কহে। মহাগৰ্বে ভ্ৰমন্তে ধৰিল জল-গ্ৰাহে॥ ২৮ সহস্ৰ বৎসৰ যিটো খুজো অপ্ৰয়াসে। জানিলোহো বন্দী ভৈলো বিধাতাৰ পাশেৰ আমাক'ৰাখিবে আৱে কমন বান্ধৱ। অন্তকালে গতি মোৰ কেৱল মাধৱ। ২৯ মহাবলৱন্ত কাল ভুজঙ্গৰ ভায়ে। যাক সেৱা কৰন্ত সদায় যোগীচয়ে। পা ২৮ মহাগৰ্বে ভ্ৰমন্তে মহাগৰ্ব্ব মদে, মহাগৰ্ব্বে মে। ৩০। সদায় ঘোগীচয়ে —ব্ৰজৰ গোপীচয়ে।