পৃষ্ঠা:Kirtan Ghosha.pdf/১৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন ২২] প্ৰাদচৰিত্ৰ স্বভাৱে দুৰ্জ্জন দৈত্য একোৱে নমানে। যেন বল বাঢ়য় সৰ্পৰ দুগ্ধ-পানে। এহি বুলি নৰসিংহ ভৈলা অন্তৰ্ধান। প্ৰাদে কৰিলা ত্ৰিদশক বহু মান॥ ২৫০ প্ৰথমতে ব্ৰহ্মাক নমিলা দৈত্যেশ্বৰ। শঙ্কৰকো প্ৰণমিলা আত অনন্তৰ। জানন্ত বিষ্ণুৰ অংশ আনো যত দেৱ। এক থানে সৱাক কৰিলা পড়ি সেৱ। ২৫১ পাছে শুক্ৰ আদি কৰি মুনিগণ যত। উঠিলন্ত ব্ৰহ্মা লৈয়া সৱাকো লগত || প্ৰস্ৰাদক কৰাইলন্ত ৰাজ্য-অভিষেক। দিলা সৱে অধিকাৰ পিতৃৰ যতেক। ২৫২ দৈত্য-দানৱৰ ৰাজা ভৈলন্ত প্ৰহ্ৰাদ। স্বৰ্গে গৈলা দেৱগণ দিয়া আশীৰ্বাদ। শুক মুনি বোলন্ত শুনিয়ো পৰীক্ষিত। কহিলো তোমাত সৱে প্ৰহ্ৰাদ-চৰিত॥ ২৫৩ নৃসিংহৰ লীলা ইটো বধ দৈত্যেন্দ্ৰ। প্ৰস্ৰাদৰ পুণ্য কথা শুনে যিটো নৰ। পা ২৫। বল—বিষ।