পৃষ্ঠা:Kirtan Ghosha.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰথম খণ্ড

চতুৰ্ব্বিংশতি-অৱতাৰ-বৰ্ণন

প্ৰথম কীৰ্ত্তন


ঘোষা॥ জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি।
  ৰাম ৰাম কেশৱ হৰি॥ ১
পদ॥ প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন।
  সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ॥
  তযু নাভি-কমলত ব্ৰহ্মা ভৈলা জাত।
  যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত॥
  মৎস্য-ৰূপে অৱতাৰ ভৈলা প্ৰথমত।
  উদ্ধাৰিলা চাৰি বেদ প্ৰলয়-জলত॥
  সত্যব্ৰত ৰাজাক দেখাইলা নিজ মায়া।
  নধৰিলা সমুদ্ৰে তোমাৰ মৎস্যকায়া॥২
  কূৰ্ম্ম অৱতাৰ ভৈলা ক্ষিৰোদধি-তীৰে।
  লক্ষ প্ৰহৰৰ পথ জুড়িলা শৰীৰে॥
  কৰিলেক পৰি তুতি সুৰাসুৰ নাগে।
  ধৰিলা মন্দৰ গিৰি প্ৰভু পৃষ্ঠি-ভাগে॥৩


পাঠান্তৰ   পদ ২॥ চাৰি বেদ- বেদ প্ৰভু