পৃষ্ঠা:Kirtan Ghosha.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮
[খণ্ড ৬
কীৰ্ত্তন-ঘোষা

যৈত থাকে মোৰ ভক্ত উদাৰ-চৰিত্ৰ।
কীট-পতঙ্গকো তথা কৰয় পৱিত্ৰ॥
নকৰে প্ৰাণীক হিংসা নাহি একো স্পৃহা।
আমাত অৰ্পণা কৰে আপুনাৰ দেহা॥ ২৪৫
ভকততে শ্ৰেষ্ঠ তই পাইলি বাঞ্ছা-সিদ্ধি।
কৰিয়ো পিতৃৰ প্ৰেত-কাৰ্য্য যেন বিধি॥
মোতে চিত্ত দিয়া কাৰ্য্য কৰিয়ো সন্তোষে।
তেৱে কি কৰিবে আৰ সংসাৰৰ দোবে॥ ২৪৬
নৃসিংহৰ আদেশে প্ৰহ্ৰাদ দৈত্য-ৰাজ।
কৰিলন্ত পিতৃৰ যতেক প্ৰেত-কাজ॥
ব্ৰহ্মায়ে দেখন্ত পাছে নৃসিংহ প্ৰসন্ন।
ত্ৰিদশে সহিতে উঠি বুলিলা বচন॥ ২৪৭
দেৱ দেৱ জগন্নাথ কৰো নমস্কাৰ।
পাপিষ্ঠক মাৰি প্ৰীতি সাধিলা আমাৰ।
মোত বৰ পায়া কাকো কটাক্ষ নকৰে।
আচৰিল দ্ৰোহ মহাদৈত্যে জগতৰে॥ ২৪৮
তাহান তনয় মহাবৈষ্ণৱ প্ৰহ্ৰাদ।
গুচাইলা তোমাৰ ক্ৰোধ মিলাইলা আহলাদ॥
নৃসিংহে বোল ব্ৰহ্ম শুনিয়ো উত্তৰ।
আৰ বাৰ দৈত্যক নিদিবা হেন বৰ॥ ২৪৯