পৃষ্ঠা:Kirtan Ghosha.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
[খণ্ড ৬
কীৰ্ত্তন-ঘোষা

তথাপিতো ইটো মম্বন্তৰ।
হুয়া থাকা দৈত্যৰ ঈশ্বৰ॥২৩৭
সদায়ে শুনিবি মোৰ কথা।
মোৰ ৰূপ চিন্তিবি সৰ্ব্বথা॥
কীৰ্ত্তনে পলাইব পাপচয়।
ভোগ্য ভুঞ্জি পুণ্য কৰা ক্ষয়॥ ২৩৮
তোৰ যশে ব্যাপিব জগতে।
ৰাত্ৰি-দিনে মোক সুমৰন্তে॥
সৱে কৰ্ম্ম-বন্ধ হৈব ক্ষীণ।
অন্তকালে মোতে যাইবা লীন॥ ২৩৯
তোৰ মোৰ কথা যিটো নৰে।
তোক মোক সময়ত স্মৰে।
সিওজনে মোক পাইব আসি।
প্ৰহ্ৰাদে মাতন্ত পাছে হাসি॥ ২৪০
তযু পাৱে মাগো এক বৰ।
তুমি প্ৰভু জগত-ঈশ্বৰ।
তোমাক নিন্দিলে পিতৃ মোৰ।
সিজিল পাতক মহা ঘোৰ॥২৪১


 পা• ২৩৯॥ অন্তকালে-তেৱে চিত্ত