পৃষ্ঠা:Kirtan Ghosha.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
[ খণ্ড ৬
কীৰ্ত্তন-ঘোষা


শৰীৰৰ ৰোম চন্দ্ৰ-সম শুক্ল-বৰ্ণ।
তুলি আছে উৰ্দ্ধক তবধ দুই কৰ্ণ॥ ১৮৭
বাইলা মুখ আতি গিৰি-গহ্বৰ-পৰায়।
প্ৰচণ্ড বতাস যেন নিশ্বাস বঝায়॥
প্ৰকাশয় কেশ শিৰে ৰবিৰ কিৰণ।
ভ্ৰুকুটি-কুটিল মুখ বিকট দশন॥ ১৮৮
লহ লহ কৰে জিহ্বা যেন ক্ষুৰ-ধাৰ।
জ্বলে বাহু শত তীক্ষ্ণ নখে চমৎকাৰ॥
বহল হৃদয় দীৰ্ঘ গ্ৰাৱা কৃশ কটি।
জিহ্বা মেলি আছ দুয়ো দশন প্ৰকটি॥ ১৮৯
হেন দেখি দৈত্যেন্দ্ৰ মনত গুণে ডৰি।
আমাক বধিবে বিষ্ণু আইলা মায়া কৰি॥
মনে বিমৰিষি পাছে গদাক উচাই।
দানৱ-মাতঙ্গ গৈল নৃসিংহক ধাই॥ ১৯০
নেদেখিয় দৈত্যেন্দ্ৰক নৃসিংহৰ পাশে।
লুকায় পতঙ্গ যেন অগনিত ঝাসে॥
ছিদ্ৰ চাহি পাক ফুৰে দৈত্য দুৰাচাৰ।
নৃসিংহক দিল ঘোৰ গদাৰ প্ৰহাৰ॥ ১৯১
এড়াইলন্ত নৰসিংহে কাতি কৰি কায়।
পাঞ্জৰত ফুৰে দৈত্য পতঙ্গ-পৰায় ॥