পৃষ্ঠা:Kirtan Ghosha.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৫]
১০৫
প্ৰহ্ৰাদ-চৰিত্ৰ

মাতৃ পাসৰিলে লভিয়া স্বামী।
ঋষিৰ প্ৰসাদে সুমৰো আমি॥ ১৫৭
কহিলো তোমাত সৱে স্বৰূপ।
জানি হিয়ে চিন্তা কৃষ্ণৰ ৰূপ॥
আত পৰে পুণ্য লোকত নাই।
কেতিক্ষণে পড়ে ক্ষণিক কায়॥ ১৫৮
এড়িয়ো আত অহম্মম ভাৱ।
দৃঢ় কৰি ধৰা কৃষ্ণৰ পাৱ॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
হৰি হৰি বোলা সমস্ত নৰে॥ ১৫৯

পঞ্চদশ কীৰ্ত্তন

ঘোষা॥ দুৰাচাৰ মন মোৰ ৰাম হৰি বোল।
 ৰাম হৰি বোল ৰাম হৰি বোল॥ ১৫
পদ ৷৷ কৃষ্ণৰ চৰণে হৈবে যিমতে ভকতি।
 শুনা সাৱধানে তাক থিৰ কৰি মতি॥
 বিষ্ণু-ভকতৰ সঙ্গ লৈব প্ৰথমতে।
 গুৰু মানি শুশ্ৰূষা কৰিব ভালমতে॥১৬০