পৃষ্ঠা:Kirtan Ghosha.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
[খণ্ড ৬
কীৰ্ত্তন-ঘোষা

মাতিল ইন্দ্ৰে নাৰদক পাছে।
এইৰ উদৰে শিশু এক আছে॥ ১৫২
তাক মাৰি দিবো এইক মেলানি।
শুনিয়া নাৰদে বুলিলা বাণী॥
নিষ্পাপ পুৰুষ আছে গৰ্ভত।
সাক্ষাতে ইটো মহাভাগৱত॥ ১৫৩
তোমাৰ মাৰিবে নাহি শকতি।
এড়িল হেন শুনি সুৰপতি॥
মাতৃক পাছে প্ৰদক্ষিণ কৰি।
স্বৰ্গত গৈলন্ত মোক সাদৰি॥ ১৫৪
মাতৃক ঋষি-আশ্ৰমত থৈল।
আশ্বাস কৰিয়া বুলিবে লৈল॥
যাৱদেকে নাসে তোমাৰ স্বামী।
নিৰ্ভয়ে থাকিয়ো পালিবো আমি॥ ১৫৫
শুনিয়া মাৱে ভয় পৰিহৰি।
থাকিল ঋষিক শুশ্ৰূষা কৰি॥
দয়ালু নাৰদ পিতৃ-সমান।
মাতৃক দিলন্ত পৰম জ্ঞান॥ ১৫৬
ভক্তিৰ লক্ষণ সৱে কহিলা।
গৰ্ভতে মোক উপদেশ দিলা॥