পৃষ্ঠা:Kirtan Ghosha.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৪]
১০৩
প্ৰহ্ৰাদ-চৰিত্ৰ

কহিলা কেনে ঋষি তত্ত্ব-ভেদ।
কৰিয়ো আমাৰ সংশয় ছেদ॥
বুলিলা প্ৰহ্ৰাদে হেন বচন।
শুনা পূৰ্ব্ব-কথা বালকগণ॥ ১৪৮
যৈসানি পিতৃ তপস্যাক গৈল।
দেখি দেৱগণ সংশয় ভৈল॥
জানিল পিতৃক খাইলেক উঁই।
নগৰ বেঢ়িয়া লগাইল জুই॥ ১৪৯
দানৱগণ ভয় ভৈলা বৰ।
পুত্ৰ-ভাৰ্য্যা এড়ি দিলা লৱড়॥
মিলিল দৈত্যৰ আপদ ঘোৰ।
ইন্দ্ৰে ধৰিলেক মাতৃক মোৰ॥ ১৫০
আপুন স্থানক নেন্ত আঞ্জুৰি৷
কান্দন্ত সতী মুখে বস্ত্ৰ ঘুৰি॥
পাৰৈ আৰ্ত্তৰাৱ ৰাজ-মহিষী।
দেখিয়া বুলিলা নাৰদ ঋষি॥ ১৫১
ইহাঙ্ক এড়া এড়া সুৰপতি।
একে পৰ-স্ত্ৰী আৰো মহাসতী॥


পা ১৫২॥ মহাসতী-গৰ্ভাৱতী, মহামতী, [ সতীং পৰপৰিগ্ৰহম্

--ভাগৱত ৭৷ ৭৷ ৭ ]