পৃষ্ঠা:Kirtan Ghosha.pdf/১১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন-ঘোষা আৰ অৰ্থে ব্যৰ্থে কেনে কৰা আয়ু পাত। ৰৰ হৃদয়ে বিষ্ণু আছন্ত সাক্ষাত। হেন জানি অসুৰ-স্বভাৱ সৱে এড়ি। সমস্ত প্ৰাণীক পূজা বিষ্ণু-বুদ্ধি কৰি। ১৪৪ তেৱেসে অল্পতে তুষ্ট হৈব নাৰায়ণে। কোননো দুৰ্লভ আছে হৰি সুপ্ৰসন্নে। হেন জানি বিষয়ত হুয়োক বিমুখ। পশু শৰীৰতত পায় বিষয়ৰ সুখ॥ ১৪৫ বাল্য-ক্ৰীড়া এড়ি কৰা মাধৱক ধ্যান। নাৰদৰ মুখত শুনিলো ইটো জ্ঞান। স্বৰূপ কহিলো নাহি ইহাত সংশয়। বোলা হৰি হৰি হৌক পাপৰ প্ৰলয়॥ ১৪৬ চতুৰ্দশ কীৰ্ত্তন ঘোষ। নমো মধুমুৰমখন ৰাম। সংসাৰ-তাপ কৰা উপশম। ১৪ প। শুনিয়া পাছে দৈত্য-শিশু-জাক। প্ৰহ্লাদক হেন বুলিল বাক। অন্তেষপুৰ থাকি মহাভাগ। কিমতে পাইলা নাৰদক লাগ॥ ১৪৭