পৃষ্ঠা:Kirtan Ghosha.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৩]
১০১
প্ৰহ্ৰাদ-চৰিত্ৰ

দৈত্য-শিশুসৱো পাছে আন ক্ৰীড়া এড়ি।
প্ৰহ্ৰাদক গৌৰৱ কৰিয়া বসে বেড়ি॥
দায়ায়ে প্ৰহ্ৰাদে দেন্ত হিত উপদেশ।
শুনিয়োক বাণী দৈত্য দানৱ নিঃশেষ॥ ১৩৯
অসাৰ সংসাৰ নাই ইহাত বিশ্বাস।
জানি হৰি ভকতিক কৰিয়ো অভ্যাস॥
মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত।
অৰ্দ্ধেক বিফলে যায় জানিবা নিদ্ৰাত॥ ১৪০
বিংশতি বৰিষ আয়ু যায় ওমলন্তে।
নেয় দশ বৰিষ ধনক উপাৰ্জ্জন্তে॥
বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি।
একো কাৰ্য্য সাধিবাক নাহিকে শকতি॥ ১৪১
শৰীৰক পীড়ে ব্যাধি চক্ষুৱে নাকলে।
আশা-পাশে বান্ধিয়া গৃহত থাকি গলে॥
হেন জানি শিশুসৱ এড়া আন কৰ্ম্ম।
কৰিয়ো কুমাৰ-কালে ভাগৱত-ধৰ্ম্ম॥ ১৪২
দুৰ্ল্লভ মনুষ্য-জন্ম নকৰা বিফল।
চিন্তা মনে মাধৱৰ চৰণ-কমল॥
হৰিসে সৱাৰো আত্মা বান্ধৱ ঈশ্বৰ।
মায়াময় ইটো পুত্ৰ ভাৰ্য্যা কলেৱৰ॥ ১৪৩