পৃষ্ঠা:Kirtan Ghosha.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
[খণ্ড ৬
কীৰ্ত্তন-ঘোষা

প্ৰহ্লাদে বোলন্ত  শুনিয়োক তাত
 বিষয়ীৰ নাহি গতি।
গুৰু-উপদেশে  আপুনাত হন্তে
 নুপজে কৃষ্ণত ৰতি॥ ১২৭
আপুনি বিষয়ী  হুয়া যিটো জনে
 বিষয়ীক গুৰু মানে।
যেন অন্ধলোক  অন্ধে উপদেশে
 বিষ্ণুক সিটো নজানে॥
বৈষ্ণৱক যাৱে  নকৰে উপাসা
 মোহে অন্ধ মূঢ়-মতি।
শুনা পিতৃ তেৱে  কৃষ্ণৰ চৰণ
 নোছোৱে তাহাৰ মতি॥ ১২৮
হেন শুমি মহা  ক্ৰোধে দৈত্য-ৰাজ
 জ্বলি গৈল অহঙ্কাৰী।
মাটিক লাগিয়া  পুত্ৰক পেহ্লাইল
 কোলাৰপৰা আছাৰি।