পৃষ্ঠা:Kirtan Ghosha.pdf/১০৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১২]
৯৫
প্ৰহ্লাদ-চৰিত্ৰ

নৱ বিধ ভক্তি  বিষ্ণুত আচৰে
 সেহিসে পাঠ উত্তম।
হেন শুনি পাছে  হিৰণ্যকশিপু
 কোপে কাম্পে যেন যম॥ ১২৫
গুৰুৰ পুত্ৰক  চাহি দৈত্যপতি
 পাৰিবে লাগিল গালি।
শুন ৰে অধম  ব্ৰাহ্মণ শিশুক
 এহিসে পাঠ শিকাইলি॥
শণ্ডামৰ্কে বোলে  আনে নিশিখাৱে
 ইটো নপঢ়াইলো আমি।
তোমাৰ তনয়  স্বভাৱে বোলয়
 কোপ এড়া দৈত্য-স্বামী॥ ১২৬-
শুনিয়া হিৰণ্য  কশিপু দুনাই
 সোধয় কথা পুত্ৰত।
গুৰু নিশিখাইলে  হেন বিমঙ্গল
 বাণী বোলা কেনমত॥


পা ১২৬৷৷ | আনে নিশিখাৱে-- আনো নিশিখাও
 [ ন পৰপ্ৰণীতৎ-ভাগৱত ৭৷৫৷২৮