এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৯৪
খণ্ড ৬
কীৰ্ত্তন-ঘোষা
পিতৃৰ চৰণে পড়ি আছ মহামতি।
দুই হাতে তুলি আশ্বাসিল দৈত্যপতি॥
কোলাত বৈসাই ঘনে ঘনে ঘ্ৰাণে শিৰ।
হাসি প্ৰহ্ৰাদত কথা সোধে মহাবীৰ॥ ১২৩
কিবা সুশোভন পাঠ পঢ়ি আছা তাত।
গুৰুত শিখিলা কিবা কহিয়ো আমাত॥
শুনিয়া প্ৰহ্ৰাদে পাছে কহন্ত সাদৰি।
পাতক ছাড়োক ডাকি বোলা হৰি হৰি॥ ১২৪
দ্বাদশ কীৰ্তন
ঘোষা॥ ও হৰি চৰণে লাগো শৰণ মাগো,
গোপাল গোৱিন্দ।
ভৱ-সিন্ধু মাজে মজিলে মাধৱ
সুমৰি নাসয় নিন্দ॥ ১২
পদ॥
শ্ৰৱণ কীৰ্ত্তন স্মৰণ বিষ্ণুৰ
অৰ্চন পদ-সেৱন।
দাস্য সখিত্ব বন্দন বিষ্ণুত
কৰিব দেহ অৰ্পণ॥