পৃষ্ঠা:Kirtan Ghosha.pdf/১০৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কীৰ্ত্তন ১১]
৯৩
প্ৰহ্ৰাদ-চৰিত্ৰ
 

কোনে তোক হেন বিপৰ্য্যয় বুদ্ধি দিল।
কিবা তোৰ মনত আপুনি সম্পজিল॥
শুনিবাক ইচ্ছা কহ কুলৰ নন্দন।
প্ৰহ্ৰাদে কহিল কৰি কৃষ্ণক বন্দন॥ ১১৮
ব্ৰহ্মা আদি কৰি যত দেৱতা পণ্ডিত।
যাহাৰ পন্থত হোন্ত মায়ায়ে মোহিত॥
যাৰ মায়া-বিভৱৰ নাহি পৰিছেদ।
হেন হৰি কৰন্ত আমাৰ মতি-ভেদ॥ ১১৯
চুম্বকৰ কাছে লোহা ভ্ৰমে যেন ঠানে।
ভিন্ন ভৈল বুদ্ধি মোৰ বিষ্ণু-সন্নিধানে॥
এহি বুলি গুৰুক প্ৰহ্ৰাদে মৌন ভৈল।
শুনি শণ্ডামৰ্কে তাক গৰ্জ্জিবাক লৈল॥ ১২০
আন বেত কোবাই মাৰো অৰে দুৰাচাৰ।
মন্দ-বুদ্ধি আমাৰ অনাইলি ক্ষিলিঙ্কাৰ॥
উপজিলি তই দৈত্যকুলৰ কণ্টক।
ভৈলি বিষ্ণু-পক্ষ ক্ষয় কৰিলি কুলক॥ ১২১
এহিমতে অনেক উপায়ে দেখাই ভয়।
প্ৰহ্ৰাদক পৰাৱন্ত শাস্ত্ৰ বামানয়॥
জানিলেক শাস্ত্ৰ গুৰু মনে হেন জানি।
দৈত্যেন্দ্ৰৰ আগে প্ৰহ্ৰাদক দিলে আনি॥ ১২২