পৃষ্ঠা:Kirtan Ghosha.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১০
৮৯
প্ৰহ্ৰাদ-চৰিত্ৰ


দশম কীৰ্ত্তন

ঘোষা ৷৷ এ ৰাম হৰি নিৰঞ্জন॥১০

পদ॥ দেৱে যেৱে উপাসন্তে আছে।
 পড়িল আকাশী বাণী পাছে॥
 দেৱগণ নকৰিবা ভয়।
 কৰিবোহো দৈত্যৰ প্ৰলয়॥১০১
 ইটো দুঃখ হৈব উপশান্তি।
 শুনা তাৰ মৰণৰ খ্যান্তি॥
 তাৰ পুত্ৰ বৈষ্ণৱ প্ৰহ্ৰাদ।
 তাঙ্ক কৰে যৈসানি বিবাদ॥ ১০২
 তেৱে তাক কৰিবো নিৰ্য্যাণ॥
 ভকতেসে জানা মোৰ প্ৰাণ॥
 তান পীড়া শৰীৰে নসহে।
 ভকতৰ দুঃখে হৃদি দহে॥ ১০৩
 নিৰ্ভয়ে থাকিয়ো দেৱগণ।
 অল্পতে সিজিব প্ৰয়োজন॥
 দেৱগণ নিৱৰ্ত্তিয়া গৈল।
 দৈত্যেন্দ্ৰৰ চাৰি পুত্ৰ ভৈল॥ ১০৪


পা ১০৩ ॥তান--- নসহে ৷-আন পীড়া মোৰ হৃদি সহে৷