পৃষ্ঠা:Kamaratna Tantra.djvu/১১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২। তেজপিয়াৰ ৰক্ত গেৰু মাটিৰে মিহলাই ৰুদ্র মন্ত্ৰেৰে মন্ত্রিত কৰি অগষ্টি বৃক্ষৰ খৰমত উঠি চকুত অঞ্জন লব, নিধি দর্শন হয় । ৩। পুষ্যা নক্ষত্ৰত তুলসীৰ মূল বাটি কাঞ্জিত থৈ মৌ মিহলাই ৰুদ্র মন্ত্র জপি মন্ত্রিত কৈ ভৰি, আগ হৈ জন্ম কৈন্যায়ে পুৰুষৰ চকুত অঞ্জন দিব। পাতালৰ নিধি দেখে, খান্দিও তুলিব পাৰে, সমস্ত মায়া পলায়। ৪। আকণৰ মূল, কৰবাৰৰ মূল, পলাশৰ মূল বাটি ভৰিৰ তলৰ ওপৰত লিপি দিব, সকলো ভন্ন দুখ পলায় । ইতি নিধি দর্শন। ১২১। অথ অদৃশ্যকৰণ। ১। কলীয়া বিড়ালীৰ আগ মাংস বাটি তেল মিহলাই সেত পদ্মৰ সূতাৰে শিহা কৰি সেই তেলে ওড় ফুলৰ পাত বাটি লগাই মহাকালী মন্ত্র অযুত জপি। তাৰ কাজল চকুত লৈলে অদৃশ্য হয়। ২। কলীয়া বিড়ালী চৌপন্থত পুতিব। পচিশ দিনত তুলি নদীত ধাৰ মুখে ধুব। যি হাড় উজান ধৰে তাক লব। মহাকালী মন্ত্ৰেৰে মহাকালী দেবী পুজি নেউলৰ পিত্তেৰে সেই হাড় বাটি বড়ি কৰি তিলক ললে অদৃশ্য হয়। দেৱতাই নােচোৱে ।