96
১১৯। অথ বৃষ্টি কৰণ।
তিনি অক্ষৰীয়া মন্ত্ৰ জলৰ মাজত অষ্টোত্তৰশত জপিলে বৃষ্টি হয়। ইতি বৃষ্টি কৰণ।
কামৰৰ দ্বাদশ উপদেশ সমাপ্ত।
ত্ৰয়োদশ পটল
১২০। অথ নিধি দৰ্শন।
১। ইহাৰ সৰ্ব্ব ঔষধত অঞ্জন মন্ত্ৰ, অঘোৰ মন্ত্ৰ জপিব। প্ৰথমে যক্ষৰ মূৰ্তি
সাজিব, হবিষ্যান্ন কৰি উপবাসে নিয়মপূৰ্ব্বক গন্ধে, পুষ্পে, ধূপে, দীপে, নৈবেদ্যে,
বলিবিধানে বহুৰূপ মন্ত্ৰ মুঠ হাজাৰ জপিব পূজা কৰিব তেবে সিদ্ধি হয়। চিতাৰ
বা পোবাৰ জুই জলিত মন্ত্ৰে জপি আনি তাতে বাসুদেৱ মন্ত্ৰেৰে মন্ত্ৰিত কৰি
মনুষ্যৰ মুণ্ডৰ খোলাত সিদ্ধিসাধক মন্ত্ৰ জপি পঢ়ি সেই অগ্নিৰে বাতি লগাই লৈ
সিদ্ধ মন্ত্ৰ জপি কুমাৰী চৰুত কাজল লৈ, তাত কালী মন্ত্ৰ জপি, সৰ্ব্বহিত মন্ত্ৰ
জপি ঠাই পাত্ৰ কৰি চকুত লৈ একডালি শলাৰে চকুত ঘুৰাই অঞ্জন কৰি শলা
অঞ্জন পাত্ৰত থব। পুনু তসমুখ হৈ অঞ্জন পাত্ৰেৰে সাত বাৰ চকুত বান্ধি
খাখাৰ বস্ত্ৰেৰে বান্ধি নিমপূৰ্ব্বক দুই দিন ৰাত্ৰিভাগে হবিষ্যান্ন কৰি দিনটো
অনাহাৰে থাকি দুই দিন পাচে পুনৰ অঞ্জন লৈ, ৰুদ্ৰ মন্ত্ৰেৰে চুলিত গাঁথি দি
যক্ষৰ মূৰ্ত্তি আশ্ৰয় কৰি নিয়মেৰে পূৱা পৰাই গধূলালৈকে বহুৰূপ মন্ত্ৰ জপি
থাকিব। সেই পুৰুষে মাটিৰ তলৰ ধন দেখে, সেয়ে নিধি পায়। খিন
বাৰাৰ মনুষ্যে অঞ্জন দিব। সম্পূৰ্ণ সুন্দৰ মনুষ্যে অঞ্জন লব।