পৃষ্ঠা:Kamaratna Tantra.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

90

১১৩। অথ চক্ষুৰ জ্যোতিকৰণ।

১। লেটেকু ছালৰ ৰস চকুত দিলে জ্যোতি হয়।


২। শুক্ল পুনঃবাৰ মূল ঘিউৰে পিহি অঞ্জন দিলে জলমল দূৰ হয়।


৩। পিয়াজ এটা একৰ কোৰিকৰ ভস্ম পিপলিৰ গুৰি এলাগুৰি চামনি সহিতে মিহলাই চকুত গোমুত্ৰেৰে দিব।


৪। আমলখিৰ মূল বাটি চামনি মিহলাই চকুত দিলে ফুলপৰা গুচে।


৫। কলীয়া ছাগৰ মাংস জালুক পিপলিৰে ব্ৰতত ৰান্ধি মৌ তেল ঘিউৰে মথি অঞ্জন দিলে ৰাতি সবাকে দেখে।


৬। মাখিমউ, সোলা একতি, জয়ন্তি ফুলৰ মূল, জহা চাউলৰ গুৰি সবাৰে সম গুৰি কৰি মৌৰে পিহি চকুত অঞ্জন দিলে মাংস বাঢ়া, তেজ শূল আদি গুচে।


১১৪। অথ দন্ত দৃঢ়কৰণ।

ইহাৰ ঔষধত দস্তাৰিণী মন্ত্ৰ জপিব।