পৃষ্ঠা:Hanuman Salisa.pdf/৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তুম উপকাৰ সুগ্ৰীবহি কীন্হা।
ৰাম মিলায় ৰাজপদ দীন্হা।

  আপুনি সুগ্ৰীবজীক শ্ৰীৰামৰ লগত মিলাই উপকাৰ কৰিলে যাৰ কাৰনে তেওঁ ৰজা হবলৈ সক্ষম হ’ল।

তুমহাৰো মন্ত্ৰ বিভীষণ মানা।
লঙ্কেশ্বৰ ভয়ে সব জগ জানা॥

 আপোনাৰ উপদেশ পালন কৰি বিভীষণ ৰজা হল, সেই কথা সকলো সংসাৰে জানে।

যুগ সহস্ৰ যোজন পৰ ভানু।
লীল্যো তাহি মধুৰ ফল জানু॥

 যি সূৰুয ইমান দূৰত আছে, যাৰ ওচৰ পাবলৈ বহুত হাজাৰ যুগ লাগে। সেই হাজাৰ যোজন দূৰত্ব থকা সুৰুটোক মিঠা ফল বুলি আপুনি গিলি দিলে।

প্ৰভু মুদ্ৰিকা মেলি মুখ মাহী।
জলধি লাঙিঘ গয়ে অচৰজ নাহি॥

 আপুনি শ্ৰীৰামচন্দ্ৰৰ আঙুঠি মুখত লৈ সমুদ্ৰ পাৰ হ’ল। এইটো একা আশৰ্য্যৰ কথা নহয়।

দুৰ্গম কাজ জগতকে জেতে।
সুগম অনুগ্ৰহ তুমহাৰে তেতে॥

 সংসাৰত যিমান কঠিন কাম আছে সকলো আপুনিয়ে সিদ্ধ কৰে।

ৰাম দুৱাৰে তুম ৰখৱাৰে।
হোত ন আজ্ঞা বিন পসাৰে॥

 আপুনি শ্ৰীৰামচন্দ্ৰৰ দুৱাৰৰ ৰক্ষক য'ত আপোনাৰ আজ্ঞা বিনা কোনো যাব নোৱাৰে। অৰ্থাৎ শ্ৰীৰামৰ কৃপা পাবলৈ হলে আপোনাক প্ৰসন্ন কৰিব লাগিব।

সব সুখ লহে তুমহাৰী সৰনা।
তুম ৰক্ষক কাহু কো ডৰনা ॥

হনুমান চালীসা পৃষ্ঠা # ৪