সুক্ষ্ম ৰূপ ধৰি সিয়াঁহি দিখায়া।
বিকট ৰূপ ধৰি লঙ্কা জৰায়া॥
আপুনি অতি সুক্ষ্মৰূপ ধৰি সীতাক দেখুৱালে আৰু বিৰাট ৰূপধৰি লঙ্কা জ্বলালে।
ভীমৰূপ ধৰি অসুৰ সংহাৰে।
ৰামচন্দ্ৰকে কাজ সঁৱাৰে॥
আপুনি ভীমৰূপ ধৰি ৰাক্ষসক মাৰিলে আৰু ৰামচন্দ্ৰৰ কাৰ্য্যও সফল কৰিলে।
লায় সঞ্জীবন লক্ষণ জিয়ায়ে।
শ্ৰীৰঘুবীৰ হৰষি উৰ লায়ে॥
আপুনি সঞ্জীবনী বুটী লৈ আহি লক্ষণক জিয়ালে আৰু শ্ৰীৰঘুবীৰে তেতিয়া হৰ্ষিত হৈ আপোনাক আকোঁৱালি ললে।
ৰঘুপতি কীন্হী বহুত বঢ়াই।
তুম মম প্ৰিয় ভৰত সম ভাই।
শ্ৰীৰামচন্দ্ৰই আপোনাক প্ৰশংসা কৰি ভৰতৰ নিচিনা মৰমৰ ভাই বুলি কলে।
সহস বদন তুমহাৰো যশ গাৱৈ।
অস কহি শ্ৰীপতি কণ্ঠ লগাৱৈ॥
শ্ৰীৰামে তোমাৰ যশ হজাৰ মুখে বন্দন হওঁক বুলি হৃদয়েৰে লগাই লৈ ক’লে।
সনকাদিক ব্ৰহ্মাদি মুনীসা।
নাৰদ সাৰদ সহিত অহীসা॥
যম কুবেৰ দিগপাল জহাঁতে।
কবি কোবিদ কহি সকে কহাঁতে॥
শ্ৰীসনক, শ্ৰীসনাতন, শ্ৰীসনন্দন, শ্ৰীসনত কুমাৰ মুনি, ব্ৰহ্মা আদি দেবতা, নাৰদজী, সৰস্বতী জী, শেষনাগজী, যমৰাজ, কুবেৰ আদি সকলো দিশৰ ৰক্ষক, কবি, বিদ্বান, পণ্ডিত, আদি কোনোৱে আপোনাৰ যশ পূৰ্ণৰূপে পূৰ্ণ বৰ্ণনা কৰিব নোৱাৰে।