পৃষ্ঠা:Hanuman Salisa.pdf/২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ কবলগীয়া,

 অসমীয়া ভাষাত হনুমান চালিসা পুথিখনিৰ অভাৱ অনুভৱ কৰি মই অসমীয়া ভাষালৈ অনুবাদ কৰি পুঁথিখনি আইসকলৰ হাতত তুলি দিবলৈ ক্ষীণ প্ৰয়াস কৰিলো। হিন্দী লিপিত পুথিখনি পাঠ কৰিবলৈ বহুতে টান পোৱা বাবে অসমীয়া লিপিত পুথিখনি প্ৰকাশ কৰিলো। মোৰ স্বামী শ্ৰদ্ধেয় ড° পুলিন চন্দ্ৰ বৰুৱা, শ্ৰদ্ধেয়া বাইদেউ জোৎস্না দেৱী লগতে মৰমৰ ল'ৰা আৰু বোৱাৰীৰ অনুৰোধত কিতাপখনি আপোনালোকৰ হাতত তুলি দিবলৈ সমৰ্থ হলো। ‘লৰ্ড প্ৰিণ্টাৰ্ছৰ স্বত্বাধিকাৰী ও কৰ্মীবৃন্দলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনালোঁ।

 সদাশয় পঢ়ুৱৈ সকলে ইয়াত যদি কিবাভুল ত্ৰুটি হৈছে তাৰ বাবে যেন ক্ষমা কৰে এয়ে আপোনালোকলৈ মোৰ একান্ত অনুৰোধ।

প্ৰণতি বৰুৱা
সুন্দৰপুৰ
গুৱাহাটী