পৃষ্ঠা:Hanuman Salisa.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সঙ্কট কটে মিতে সব পীৰা।
জো সুমিৰে হনুমত বলবীৰা॥

 হে বীৰ হনুমানজী! যিজনে আপোনাক স্মৰণ কৰে তেওঁৰ সকলো সংকট কটা যায় আৰু সকলো পীড়া আঁতৰি যায়।

জয় জয় জয় হনুমান গোঁসাই।
কৃপা কৰহ গুৰুদেৱ কী নাই॥

 হে স্বামী হনুমান জী। আপোনাৰ জয় হওঁক, জয় হওঁক। আপুনি মোৰ ওপৰত কৃপালু শ্ৰীগুৰুজীৰ সমান কৃপা কৰক।

ইয়ে শতবাৰ পাঠ কৰে জোই।
ছুটহি বন্দী মহা সুখ হোই॥

 যিজনে এই হনুমান চালিসা শ বাৰ পঢ়ে তেওঁ সকলো বন্ধনৰ পৰা মুক্ত হৈ যাই আৰু তেওঁ পৰমানন্দ প্ৰাপ্ত কৰে।

যে ইহ পঢ়ৈ হনুমান চালীসা।
হোই সিদ্ধি সাখী গৌৰীসা॥

 ভগবান শঙ্কৰে এই হনুমান চালিসাখন লিখাইছিল। সেই কাৰণে সাক্ষী আছে যিজনে এইখন পঢ়িব তেওঁ সফলতা প্ৰাপ্ত কৰিব।

তুলসী দাস সদা হৰি চেৰা।
কীজে নাথ হৃদয় মুহঁ ডেৰা॥

 হেনাথ হনুমানজী! তুলসী দাস সদায় শ্ৰীৰামৰ দাস। সেই কাৰনে আপুনি তেওঁৰ হৃদয়ত নিবাস কৰক।

পবন তনয় সঙ্কট হৰণ।
মঙ্গল মুৰতি ৰূপ॥
ৰাম-লক্ষণ সীতা সহিত
হৃদয় বসহু সূৰ ভূপ॥

 হে সঙ্কট মোচন পবন কুমাৰ। আপুনি আনন্দ মঙ্গল স্বৰূপ। হে দেবাৰাজ আপুনি শ্ৰীৰাম সীতা আৰু লক্ষণৰ লগত মোৰ হৃদয়ত নিবাস কৰক।

হনুমান চালীসা পৃষ্ঠা # ৭