দেৱালয়ৰ মাটিৰ খাজনাও দলৈয়ে সংগ্ৰহ কৰিছিল আৰু সেই সমূদায় সংগৃহীত ধন দেৱালয়ৰ পুঁজিত জমা হৈছিল। দেৱালয়ৰ যাৱতীয় খৰচ এই পুঁজিৰ পৰাই কৰা হৈছিল। অনুমান ১৯৪৩ চনত অসমৰ মন্দিৰ, দেৱালয় আদিৰ মাটি জৰীপ কৰিবলৈ চৰকাৰে এটি বিশেষ পিয়ল চলায়। ইয়াক Temple Census বুলি কোৱা হৈছিল। শ্ৰীউমা কান্ত শৰ্ম্মা নামৰ এগৰাকী বিষয়াৰ পৰি- চালনাত ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰো পিয়ল হয়। উক্ত পিয়ল মৰ্ম্মে দেৱালয়ৰ নিষ্পিখেৰাজ মাটি ইমান দিনে ভোগ-দখল কৰি অহাসকলৰ নামত ৰায়তী পট্টা কৰি দিয়ে। অৱশ্যে মাটিৰ খাজনা পূৰ্ব্বৰ দৰে দলৈয়েই আদায় কৰি থাকিল; কিন্তু সি চৰকাৰী পুঁজিত জমা হ'লগৈ। তেতিয়াৰে পৰা দেৱালয়ত ভোগ দিয়া পদ্ধতি নোহোৱা হ’ল। তাৰ পৰিবৰ্ত্তে তেওঁলোকে খাজনা দিবলগীয়াত পৰিল।
স্বাধীনতাৰ পিচত
দেশ স্বাধীন হোৱাৰ পিচত স্বাধীন চৰকাৰৰ শাসন-ব্যৱস্থাৰো অনেকখিনি পৰিবৰ্ত্তন ঘটিল। ভূমি-নীতিৰ সংস্কাৰ হ'ল। দেৱোত্তৰ, ব্ৰহ্মোত্তৰ মাটিৰ পাৰ্থক্য নোহোৱা হৈ আহিল। বিগ্ৰহৰ নামত থকা মাটিৰ পৰিমাণো কমাই দিয়া হ’ল। সম্প্ৰতি দেৱালয়ৰ নামত মাত্ৰ চাৰে দহ বিঘা মাটিহে আছে।
নতুন পৰিচালনা পদ্ধতি
ৰজাদিনীয়া কোনো ফৈদৰদ্বাৰা দেৱালয়ৰ কাম বৰ্ত্তমানে পৰিচালিত নহয়। ১৯৬২ চনৰ পৰা এখন পৰিচালনা সমিতিয়ে দেৱালয়ৰ যাৱতীয় কাম-কাজ পৰিচালনা কৰি আহিছে। ইয়াৰ আগতে দলৈয়ে বৰদেউৰীসকলৰ পৰামৰ্শক্ৰমে কাম চলাইছিল।