বিলাকত বাহিৰ প্ৰাঙ্গণত নচা হৈছিল। দেৱদাসী নাচ সাৰ্ব্বজনীন নাচ। সেই নাচ দেখা লোক আজিও জীয়াই আছে।
‘নাচোনৰ চেৱে চেৱে সঙ্গীতৰ প্ৰতি লহৰত
একেটি মাথোন সুৰ বাজি উঠে হৃদয় বীণত।’
(দেৱদাসী : অতুল হাজৰিকা)
সেই সুৰ কি? — সেই সুৰ সুন্দৰৰ সুৰ। ‘সুন্দৰৰ আৰাধনা জীৱনৰ খেল’ এয়েই আছিল দেৱদাসীসকলৰ জীৱন-আকুতি। দেৱদাসী কৌশল্যাও তাৰ ব্যতিক্ৰম নাছিল।
কৌশল্যাক যি সময়ত লগ পোৱা হৈছিল, তেতিয়া তেওঁ পঞ্চাশৰ দেওনা অতিক্ৰম কৰিছিল। কিন্তু বয়সে তেওঁক বুঢ়ী কৰিব পৰা নাছিল। শিল্পীসুলভ তেওঁৰ মন-প্ৰাণ আছিল অনন্ত যৌৱনা। সিদিনা অতী স্মৃতি ৰোমন্থন কৰি অনেক কথাকে তেওঁ কৈছিল।
এদিন চৰকাৰী বিষয়াসকলেই দেৱদাসী নাচ বন্ধ কৰি দিলে। আকৌ তাৰ আৱশ্যক কি? তিক্ততা আৰু অভিমান মিহলি ওভোতা প্ৰশ্ন কৰিছিল দেৱদাসী গৰাকীয়ে। তেওঁৰ সেই প্ৰশ্নৰ উত্তৰ হিচাবে দিবলৈ আমি কোনো সান্ত্বনা বিচাৰি পোৱা নাছিলোঁ।
‘ডুবি দেৱদাসীৰ অপমৃত্যু ঘটিছে। যিখিনি আছে, সি তাৰ উপঁচ্ছায়া।’ সেমেকি পৰা চকুযোৰ মচি নৰ্ত্তকী গৰাকীয়ে কোৱা কথাষাৰ আজিও মনত পৰে।
তেওঁ আৰু কৈছিল— ৰজাৰ আমোলত উৎসৱ-পাৰ্ব্বণত, কেতিয়াবা চিকাৰ বিচাৰি দেৱালয়লৈ ফুকন, বৰুৱা, চৌধুৰীসকল আহিছিল। ইংৰাজ আমোলত অহিছিল হাকিম-উকীলসকল। মন্দিৰৰ দেৱতাৰ উপৰিও এই গণ-দেৱতাসকলৰ সন্তুষ্টিৰ অৰ্থে এসময়ত দেৱদাসীসকলে নাচিছিল।
ৰজা-মহাৰজা, বিষয়, ডা-ডাঙৰীয়াসকল আজি নাই। দেৱ-