অন্তৰ্ভুক্ত আছিল। ১৯৫৪ চনত এই অনুষ্ঠানটো গুৱাহাটীত বহা অসম সঙ্গীত সন্মিলনৰ অধিবেশনত যোগদান কৰিবলৈ গৈছিল। তাতে শ্ৰীতালুকদাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নৃত্যশিল্পী প্ৰদীপ চলিহাদেৱৰ সৈতে ডুবি দেৱদাসী নৃত্যৰ বিষয়ে খৰচি মাৰি আলোচনা কৰে।
সেই চনৰে শেষৰ ফালে ৰাভাদেৱ এবাৰ বজালীলৈ আহে। তেখেতে দেৱদাসী নৃত্যটো এবাৰ নিজ চকুৰে চাবলৈ আগ্ৰহ প্ৰকাশ কৰে। কিন্তু ইয়াত অন্তৰায়ে দেখা দিয়ে। ডুবি অঞ্চলৰ কিছুমান লোকে নৃত্যটো কোনো ৰকমে সেই এলেকাৰ ভিতৰত পৰিবেশন কৰিবলৈ সন্মত নহ'ল। অগত্যা শ্ৰীতালুকদাৰৰ প্ৰচেষ্টাত নৰ্ত্তকী কৌশল্যা বালা আৰু ৰৈয়াবালাক পাঠশালালৈ অনা হয়। পাঠশালা নাট্যমন্দিৰত ৰাভাদেৱৰ সন্মুখত ৰাজহুৱাভাৱে নৃত্যটি প্ৰদৰ্শিত হয়। কেবাবছৰৰ বিৰতিৰ পিচত পুনৰ নাচ দেখুৱাব লগা হোৱাত দেৱদাসী দুগৰাকীৰ তাল আৰু মুদ্ৰাত কিছু বিসঙ্গতি প্ৰকাশ নোপোৱাকৈ থকা নাছিল। কিন্তু জহুৰীয়ে জহৰ চিনাৰ দৰে কলাগুৰুৰ চকুত তাৰ স্বৰূপটো সুন্দৰকৈ ধৰা পৰিল। পিচত তেখেতে নৃত্যটোৰ ভাবাৰ্থ উপস্থিত ৰাইজক বুজাই দিয়ে আৰু যিবোৰ ঠাইত নৃত্যৰ বিসঙ্গতি ঘটিছে, তাক কেনেকৈ সুসঙ্গত কৰি তুলিব পৰা যায়, এই বিষয়ে শ্ৰীতালুকদাৰদেৱক আৱশ্যকীয় উপদেশ দিয়াৰ লগতে দায়িত্বও অৰ্পণ কৰে।
ইয়াৰ পিচত শ্ৰীতালুকদাৰে এই নৃত্যটোত কিবা সহায় পোৱা যায় নেকি এই লৈ অসমৰ প্ৰাচীন শৈৱ অনুষ্ঠান দেৰগাওঁ, হাজো, বেলশৰ আদি মন্দিৰবোৰলৈ যায়। কিন্তু তেখেতৰ পৰিশ্ৰম সফল নহ’ল। ইতিমধ্যে সেইবোৰ মন্দিৰৰ দেৱদাসী নাচো বিস্মৃতিৰ অটল তলিত বুৰ মাৰিছে। অগত্যা নিজৰ (ডুবিৰ) যিখিনি আছে সেই খিনিকে সম্বল কৰি দেৱদাসী নৃত্য উদ্ধাৰত যত্নপৰ হ’ল।
সৰ্ব্বপ্ৰথম স্থানীয় চাৰিজনী ছোৱালীক এই নৃত্যটো শিকাবলৈ