পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত

পুনৰুদ্ধাৰৰ প্ৰচেষ্টা : দেৱদাসী নৃত্যৰ

 অনুমান ত্ৰিশ বছৰমান আগতে ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নাচ বন্ধ কৰি দিয়া হয়। সেই সময়ত বৰপেটাৰ মহকুমা- ধিপতি আছিল ৺দুৰ্গেশ্বৰ শৰ্ম্মা আৰু দেৱালয়ৰ দলৈ আছিল ৺নৰেন্দ্ৰনাথ শৰ্ম্মা। স্থানীয় ৰাইজৰ এক শ্ৰেণীৰ লোক এই নাচ বন্ধত যে আগ্ৰহী আছিল সহজেই অনুমেয়। বন্ধ কৰাৰ কাৰণ ইতিপূৰ্ব্বে উল্লেখ কৰা হৈছে।

 পিচত শিক্ষা-সংস্কৃতিৰ মোল বুজা দুই-এগৰাকী ব্যক্তিয়ে উপলব্ধি কৰিলে যে, সমাজক নৈতিক আৱৰণ দিবলৈ যাওঁতে তাৰ মূল আত্মাটোকো পৰিহাৰ কৰা হ'ল। সেয়ে চিন্তা কৰিলে, কেনেবাকৈ এই নৃত্যটো জীয়াই ৰাখিব পৰা যায় নেকি?

 

বিষ্ণুৰাভা : ৰত্ন তালুকদাৰ⸺ মণিকাঞ্চন সংযোগ

 ডুবিৰ দেৱদাসী নাচ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত পাঠশালাৰ প্ৰবীণ শিল্পী শ্ৰীৰত্নকান্ত তালুকদাৰদেৱৰ নামটো নিশ্চয় শ্ৰদ্ধাৰে স্বীকাৰ কৰিব লাগিব। এটি অনমনীয় মনোভাব লৈ তেখেতে তেতিয়া প্ৰায় বৃদ্ধ অৱস্থাত উপনীত হোৱা দেৱদাসী ৺কৌশল্যা বালা আৰু ৺ৰৈয়া বালাৰ সাহায্য বিচাৰিলে। দুয়ো গৰাকীয়ে কিয়দংশ নাচ তেওঁলোকৰ মনত থকা বুলি জনালে। দেৱদাসী নৃত্যৰ সৈতে সংশ্লিষ্ট ৺বেছা ৰাম বায়ন তেতিয়াও জীয়াই আছিল। তেওঁক খোল-বাদক হিচাবে লোৱা হ’ল।

 দেৱদাসী নৃত্যৰ পুনৰুদ্ধাৰৰ প্ৰচেষ্টা চলিল। সেই সময়ত ‘পাঠশাল আৰ্ট ছোচাইটি’ নামৰ এটি নৃত্য-গীতৰ অনুষ্ঠান শ্ৰীৰত্নকান্ত তালুকদাৰৰ পৰিচালনাত চলি আছিল। শ্ৰীচন্দ্ৰ চৌধুৰী, শ্ৰীভোলা চৌধুৰী, ৺চন্দ্ৰ শৰ্ম্মা, শ্ৰীনবীন দাস, শ্ৰীপ্ৰবীণ মহন্ত, মণিপুৰী ওস্তাদ শ্ৰীচেলুম্বা, মণিপুৰী নৃত্যপটীয়সী শ্ৰীমতী সৰোজিনী, শ্ৰীলীলা দাস, শ্ৰীবীণা চৌধুৰী, শ্ৰীকনকলতা দেৱী এই ছোচাইটিৰ