ৰজাই দেৱালয়ৰ বাবে দিয়া মাটি ডুবিৰ বাহিৰেও ভোগপুৰ, বেতবাৰী, বেলশৰ, শিমলা, সোণকোহা, বুঢ়াগোসাঁইঝাৰ, বগামালি ঔকুচি, কুকুৱাপাটাবাৰী, পাঠশালা টাউন আদি ঠাইত আছিল। পৰৱৰ্ত্তী কালত ইয়াৰে অনেকখিনি মাটি হ্ৰাস পালে, অনেকখিনি আছে।
দেৱালয় পৰিচালনা : বিষয়বাবসমুহ
দেৱালয় পৰিচালনাৰ বাবে ৰজাই স্থাপন কৰা লোকসকলৰ ভিতৰত বিষয়-বাব বিতৰণ কৰা হৈছিল তলত দিয়া ধৰণে⸺
১। ব্ৰাহ্মণ বা সেৱাইত :⸺ এওঁলোকৰ ফৈদ দুটা⸺ (১) পূজাৰী আৰু (২) সুপকাৰ। দুয়োটা ভাগকে একেলগে বৰদেউৰী বোলা হয়। দেৱালয়ৰ মুখ্য পৰিচালক দলৈগৰাকী বৰদেউৰী ফৈদৰ পৰাই নিৰ্ব্বাচন কৰা হয়। পূজাৰীয়ে বিগ্ৰহৰ পূজা কৰা আৰু সুপকাৰে বিগ্ৰহৰ ভোগ ৰন্ধা কাম কৰিব লাগে।
২৷ নট— এওঁলোকক সাধাৰণতে নৃত্য-গীতৰ কামত নিয়োেগ কৰা হৈছিল। নটীসকল নট সম্প্ৰদায়ৰে আছিল। নটীয়ে নাচিলে গায়ন-বায়নে লগত থাকি বাদ্য পৰিবেশন কৰিছিল।
৩। মালাকৰ:— দেৱালয়ৰ বিভিন্ন কামত এওঁলোকৰ কাম ভাগ কৰি দিয়া আছিল। এওঁলোকক পাইকো বোলা হয়। শিৱ- সিংহই হাজোৰ পৰা ৫৪ গোট পাইক আনি দিছিল (চাৰিটাই এক গোট)। “চাৰিজন মুনিহ ৰজাঘৰীয়া কামৰ নিমিত্তে একগোট হৈছিল; তেওঁলোকৰ প্ৰতিজনৰে কৰ্ত্তব্য একে, গাত লগা বিষয়াও এক আৰু সেই গোটৰ এজনে ৰাজঘৰীয়া কামত লাগিলে বাকী- কিজনে তেওঁৰ খেত-পথাৰ, বন-বাৰী কৰি দিব লগাত পৰিছিল। (বুৰঞ্জীৰ বাণী : ডঃ সূৰ্য্য কুমাৰ ভূঞা) সেয়ে দেৱালয়ৰ পাইক বা মালাকসকলৰ ভিতৰতো কামৰ ভাগ-বতৰা আছিল। এওঁলোকৰ ভিতৰত—