পৰিহৰেশ্বৰ বিগ্ৰহৰ গহ্বৰত অৱস্থিতি বা স্থাপনো একে কাৰণতে বুলি অনুমান হয়।
লিঙ্গপীঠটো উত্তৰ ফালে অৱস্থিত। যোনিপীঠ বা গৌৰীপীঠটো তাৰ তলত। শিৱলিঙ্গত দিয়া পাদ্য-অৰ্ঘ্য গৌৰীপীঠেৰে গৈ মন্দিৰ- সংলগ্ন কুণ্ডটিত পৰে। কুণ্ডত পৰিপূৰ্ণ শান্তিজলেৰে যাত্ৰীক মঙ্গল- শান্তি দিয়া হয়। কিছু বছৰ আগলৈকে মন্দিৰৰ ভিতৰৰ পৰা কাষত থকা পদুম-পুখুৰীলৈ এটি নলা আছিল। নলাটো তিনিকোণীয়া আৰু বগা শিলেৰে নিৰ্ম্মিত। সম্প্ৰতি নতুনকৈ দ’ল নিৰ্ম্মাণ কৰোঁতে নলাটো বন্ধ কৰি দিয়া হৈছে। পূজাৰ সময়ত দিয়া সকলো জল- ফুল আদি এই নলাৰে গৈ পুখুৰীত পৰিছিল। খুব সম্ভৱ, পূজাৰ বেদীত পানী বা কোনো আবৰ্জ্জনা জমা হব নলগাকৈ ৰজাই উক্ত নলাটোৰ ব্যৱস্থা কৰাই দিছিল।
ব্ৰাহ্মণ পূজাৰীয়ে বিগ্ৰহ প্ৰতিদিনে দুপৰীয়া ধুৱাই পূজা কৰে। শঙ্খ-ঘণ্টা আৰু ডবাৰ শব্দই স্বাভাৱিকতে পৰিবেশটো মধুৰ কৰি তোলে। সন্ধিয়া আৰতি দিয়া। হয়। এইটোও এটা আকৰ্ষণীয় অনুষ্ঠান। দুয়োটা সময়তে মন্দিৰৰ ডবাত কোব পৰাৰ লগে লগে নূপুৰৰ গুঞ্জন উঠিছিল দেৱদাসীসকলৰ নৃত্যৰ মাজেৰে।
মন্দিৰত এটি অষ্টভূজা দুৰ্গা মূৰ্ত্তি আছে। এইটো ৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে দিয়া। তাৰ উপৰি কৃষ্ণ (বিষ্ণু ) বলৰাম আৰু শিৱ পঞ্চাননৰ মূৰ্ত্তি আছে। তিনিওটা মূৰ্ত্তি ৰাজদত্ত বুলি কোৱা হয়। মন্দিৰৰ ভিতৰত আন এটি চতুৰ্ভূজ মূৰ্ত্তি আছে। এইটো ‘টাঙালীয়া গোসাঁই’ বুলি কোৱা হয়। প্ৰায় দুই ফুট ওখ পিতলৰ এই মূৰ্ত্তিটো ডাঙৰ শিলৰ আসন এখনৰ ওপৰত স্থাপিত। * ইয়াৰ বাহিৰেও
- টাঙালীয়া এখন গাৱঁৰ নাম। ডুবিৰ পৰা প্ৰায় ৪১/২ মাইল দূৰত বুঢ়া-গোসাঁইঝাৰ গাৱঁৰ ওচৰত। এসময়ত তাত এটা মন্দিৰ আছিল। ১৮৯৭ চনৰ বৰভূঁইকঁপত টাঙালীয়া গাৱঁৰ বিস্তৰ ক্ষতি সাধন হয়। মন্দিৰটোও ধ্বংস হৈ যায়। গাৱঁৰ মানুহ দিহাদিহি ভাগি গ’লত বিগ্ৰহটো ডুবিৰ দেৱালয়লৈ লৈ অহা হ’ল।