পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত
 

বিগ্ৰহৰ অৱস্থিতি

 দেৱালয়ৰ মূল বিগ্ৰহ পৰিহৰেশ্বৰ গোসাঁই বা শিৱলিঙ্গ। প্ৰায় ২১০ (১৪ ১/২X১৪ ১/২) বৰ্গফুট আয়তনৰ চাৰিকোণীয়া গহ্বৰ এটিৰ ভিতৰত এচটা শিলৰ ফলিৰ ওপৰত আছে। ভূপৃষ্ঠৰ পৰা ১২ ১/২ই ফুট তলত এই বিগ্ৰহ অৱস্থিত। এইখিনিতে এটা মন কৰিবলগীয়া বিষয় এই যে, ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়ৰ দৰে অসমৰ আন বহু প্ৰাচীন মন্দিৰৰ বিগ্ৰহো তেনে একোটা গহ্বৰত থকা দেখা গৈছে। গহ্বৰৰ ভিতৰত বিগ্ৰহৰ অৱস্থানৰ আধ্যাত্মিক কিবা কাৰণ আছে নে নাই আমাৰ জনা নাই। হয়তো উপাসনাৰ গভীৰতা আৰু পৰিবেশ সৃষ্টি কৰাৰ বাবে বাহিৰৰ আৰু ৰ'দ-বৰষুণে ঢুকি নোপোৱাকৈ গহ্বৰৰ ভিতৰত বিগ্ৰহ নিৰ্ম্মিত হৈছিল, যাতে উপাসকজনৰ চিত্তত একাগ্ৰতা জন্মে।

 এই প্ৰসঙ্গত বুৰঞ্জীবিদ শ্ৰীপ্ৰেমধৰ চৌধুৰীয়ে কোৱা কথাখিনি প্ৰণিধানযোগ্য :

 “অতীজতে প্ৰকৃতি দেবীৰ বিভিন্ন ৰূপেই ৰৌদ্ৰ, সাম্য ইত্যাদি ভাব-ভঙ্গিমাই আছিল উপাসনাৰ হেতু। লাহে লাহে পূজাৰ পদ বা পাত্ৰ কেৱল কল্পনাৰে বিষয়বস্তু নহৈ বাস্তৱ-মূৰ্ত্তিৰ আকাৰ লবলৈ আৰম্ভ কৰে। খৃষ্টীয় শতাব্দীবোৰৰ আৰম্ভৰ লগে লগে বাস্তৱ-মূৰ্ত্তিৰ বাসস্থানৰো লগতে আৱশ্যক হৈ পৰিল। প্ৰথমতে গছপাতৰ মণ্ডপ বা লতা-কুঞ্জ, তাৰ পিচত নল-খাগৰিৰ পঁজা, লাহে লাহে হ’ল কাঠ-ইটাৰ কুটীৰ— এইদৰে গৈ গৈ গুপ্ত ৰজাসকলৰ দিনত পূজাৰ বিষয়বস্তু মূৰ্ত্তি-বিগ্ৰহ স্থাপনৰ অৰ্থে তৈয়াৰ হৈ উঠিল শিলৰ আবাস! ইয়াৰ নাম হ'ল গৰ্ভগৃহ; সি আকাৰত চাৰিচুকীয়া; এখন মাথোন দুৱাৰমুখ; তাত পোহৰৰ জিলিঙনি সোমাব নোৱাৰে; গতিকে সি ঘনীভূত অন্ধকাৰৰ দ্বাৰা সমাচ্ছন্ন আৰু এই ধৰ্ম্মভাবা- পন্ন স্থানতেই উদ্ভৱ হ'ল সাধু-সন্ন্যাসীৰ ধ্যানমগ্ন হোৱাৰ উত্তম পৰিস্থিতি ”। (অসমৰ অতীত ঐশ্বৰ্য্য।)