জগদীশ সৃজৱাৰীক কনৌজৰ পৰা আনি পাঁচশ পুৰা নিষ্কৰ ভূমি দান দি উজনিৰ ৰংপুৰৰ দক্ষিণফালে থকা কালজৰ গাৱঁত স্থাপন কৰে। কিছুদিন তাত থকাৰ পিচত অসভ্যৰ (?) অত্যাচাৰত থাকিব নোৱাৰি বনগ্ৰামলৈ আহে। বজালীৰ দক্ষিণফালে থকা বৰ্ত্তমানৰ বনগাৱেঁঁই উক্ত বনগ্ৰাম বুলি অনুমান হয়। কাৰণ জন- শ্ৰুতিমতেও জগদীশৰ পুত্ৰ ধৰ্ম্মবৰৰ ঘৰ বৰ্ত্তমান ডুবি গাৱঁৰ মূল গড়কাপ্টানি ৰাস্তাৰ পৰা দেৱালয়লৈ সোমোৱা ৰাস্তাৰ চ’কৰ উত্তৰ কাষে আছিল। এই ঠাইখিনিক আজিকালি ‘দলৰ পথাৰ’ বোলে। হয়তো বনগাৱঁৰ পৰা ধৰ্ম্মবৰে ডুবিলৈ উঠি আহিছিল। ধৰ্ম্মবৰৰ পুতেক ৰঘুবৰ। তেওঁৰ নামৰ সৈতে কপিলী গাইৰ কাহিনী আৰু দেৱালয়ৰ পুনঃ প্ৰতিষ্ঠাৰ কথা জড়িত হৈ আছে। ৰঘুবৰৰ পিচৰ ক্ৰম স্পষ্ট।
শ্ৰীশশী শৰ্ম্মাৰ ঘৰত পোৱা বংশাৱলীৰ হুবহু নকল এটি (কিছু অংশ) তলত দিয়া। ইয়াত ঐতিহাসিক সমল আছে।
অথ বংশাৱলী : পুৰুষনামা
কনৌজ কান্যকুব্জ স্থান, কাৰোৱাৰ নামে গ্ৰাম, সাগ্নিক আছিল বিপ্ৰবৰ।
১৬২১ শকে ৰুদ্ৰসিংহ ৰাজ্যেশ্বৰে আনিলেক জগদীশ প্ৰবৰ॥
পিতামহ অসম ৰাজ্যে ৰংপুৰ দক্ষিণভাগে কালজৰা গ্ৰাম যে তথায়।
পঞ্চশত পুৰা ভূমি নিষ্কৰ লভিয়া তিনি বসতি কৰিল দ্বিজৰায়॥
তাহাৰ পিতাৰ নাম চত্তু সৃজৱাৰী হয় পিতামহ ৰামলাল গনি।
প্ৰপিতামহৰ নাম হনুমান সৃজৱাৰী উৰ্দ্ধজন মহাবীৰ জানি॥
কিছুদিন বাস কৰে কালজৰা গ্ৰামে।
অসভ্যেৰ অত্যাচাৰে ৰহিতে নাপাৰে॥
তথাহৈতে বনগ্ৰামে কৰি বসবাস।
পঞ্চপুত্ৰ লাভ কবি মনতে উল্লাস॥
ধৰ্ম্মবৰ নাৰায়ণ আৰু যে মুকুন্দ।