পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
ডুবি দেৱালয় : অতীত আৰু বৰ্ত্তমান

হৈছিল। পিচত নৱবৈষ্ণৱ আন্দোলনৰ ফলত যেতিয়া শাক্তধৰ্ম্মও একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিল, তেতিয়া শৈৱ-শাক্তৰ এটা সহযোগী মনোভাব জাগি উঠে। ফলত দুয়ো সন্মিলিত শক্তিৰে বৈষ্ণৱধৰ্ম্মৰ বিপক্ষে আত্মৰক্ষা কৰিবলৈ প্ৰয়াস পায়। আহোম স্বৰ্গদেউসকলে সেই উদ্দেশ্যে অনেক মঠ-মন্দিৰো নিৰ্ম্মাণ কৰি দিয়ে। “It may also strike one to note that most of the prominent temples for the worship of Siva and his consort came to be constructed specially during the later part of the Ahom period” (A History of Assam : E. Gait) কিন্তু দেখা গৈছে নতুন মন্দিৰতকৈ পুৰণি বা ধ্বংসপাপ্ত মন্দিৰ নিম্মাৰ্ণতহে আহোম ৰজাসকলে বেছিকৈ উৎসাহ প্ৰদৰ্শন কৰিছিল।

 ভূতিবৰ্ম্মা বা ভাস্কৰবৰ্ম্মাৰ স্থাপিত ডুবিৰ ‘শিৱৰ থানো’ হয়তো তেনে এটি শৈৱ-শক্তিৰ সংঘৰ্ষৰ ফলত টিকিব নোৱাৰি জন- সাধাৰণৰ চকুৰ আঁৰ হৈ পৰিছিল। আহোম ৰাজত্বৰ শেষ ভাগত শিৱসিংহৰ দিনত ই পুনৰ প্ৰতিষ্ঠা লাভ কৰিবলৈ সমৰ্থ হয়। ৰঘুবৰ ব্ৰাহ্মণে শিৱলিঙ্গ মাটিৰ তলৰ পৰা খান্দি উলিওৱা কাহিনী ইয়াৰে ৰূপক যেন লাগে।

 

ৰঘুবৰ ব্ৰাহ্মণৰ কথা : বংশাৱলীৰ পৰা

 বৰ্ত্তমান পাঠশালা চহৰ অন্তৰ্গত গনাগাওঁ নিবাসী শ্ৰীশশী শৰ্ম্মা দেৱৰ সৌজন্যত ৰঘুবৰ ব্ৰাহ্মণৰ বংশাৱলী এখন পোৱা হৈছে। তাৰ পৰা দেখা যায়, তেওঁৰ উৰ্দ্ধতম পুৰুষজনৰ নাম মহাবীৰ সৃজৱাৰী। তেওঁ কনৌজৰ কাৰোৱাৰ গ্ৰামৰ নৈষ্ঠিক ব্ৰাহ্মণ আছিল। তেওঁৰ পুতেক হনুমান সৃজৱাৰী। হনুমানৰ পুত্ৰ ৰামলাল। ৰামলালৰ পুত্ৰৰ নাম চত্তু সৃজৱাৰী। তেওঁৰ পুতেক জগদীশ সৃজৱাৰী। ১৬২১ শকত (১৬৯৯ খৃঃত) মহাৰাজ ৰুদ্ৰসিংহই পিতাকৰ সৈতে