পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত

সৰ্গদেউ শিৱসিংহৰ (১৭১৪-৪৪ খৃঃ) ৰাজত্ব কালত ডুবি-দেৱালয়ৰ অস্তিত্ব পুনৰ লোক-চক্ষুত ধৰা পৰে আৰু ৰজাই মাটি-বাৰী, পূজাৰী, দেউৰী, নট-নটী, পাইক আদি দান কৰে। ডঃ মহেশ্বৰ নেওগে জিলা গেজেটিয়াৰৰ উদ্ধৃতি দি কৈছে— “মন্দিৰটি লক্ষ্মীসিংহৰ দিনত আনুমানিক ১৭৭০ চনত স্থাপিত; পিচত কেঁচা ঘৰ সাজি ৰখা হয়”। (পৱিত্ৰ অসম)। ৰঘুবৰ ব্ৰাহ্মণৰ বংশাৱলীতে লক্ষ্মীসিংহই মঠ- মন্দিৰ গঢ়ি দিয়াৰ আগ্ৰহৰ কথা উল্লেখ আছে।

ডুবি নামৰ তাৎপৰ্য্য

 ডুবি নামটোৰ কিবা তাৎপৰ্য্য আছে নেকি? এই লৈ বহু জনৰ বহু মত। কিছুমানৰ মতে এসময়ত এই ‘দুৰ্বল’ নামৰ সৰু পাহাৰ এখন আছিল। কালক্ৰমত এই পাহাৰ তললৈ ডুবি যোৱাৰ বাবে ঠাইখিনি ‘ডুবি' নামে পৰিচিত হয়। এই কিংবদন্তি স্থানীয় মানুহে বৰকৈ বিশ্বাস কৰে। ওপৰত উল্লেখিত কোনো প্ৰাকৃতিক দুৰ্য্যোগত প্ৰাচীন মন্দিৰ তললৈ বহি যোৱা বা ডুবি যোৱা কথাখিনিৰ সৈতে ‘দুৰ্বল’ পাহাৰ মাটিৰ তললৈ ডুবি যোৱা জনশ্ৰুতিৰ সঙ্গতি বিচাৰি পোৱা যায়। পাহাৰ মাটিৰ তললৈ বহি গলে তাৰ ওপৰত থকা মন্দিৰো বহি যোৱাটো স্বাভাৱিক কথা।

 ভাৰতৰ প্ৰায়বোৰ শিৱমন্দিৰ পৌৰাণিক জনশ্ৰুতিৰে ভৰা। পৰিহৰেশ্বৰ দেৱালয়ৰৰ জনশ্ৰুতি আছে। সতীৰ দেহত্যাগৰ পিচত শিৱে সতীৰ মৰাশটো কান্ধত তুলি লৈ চাৰিওফালে ঘূৰি ফুৰিব ধৰে। পিচত বিষ্ণুৱে সুদৰ্শন চক্ৰৰ দ্বাৰা মৰাশটো কাটি টুকুৰা- টুকুৰি কৰি পেলায়। য'তেই সতীৰ অঙ্গ পৰিছিল সিয়ে একোখন শক্তিপীঠত আৰু মহাদেৱে য'ত য'ত জিৰাইছিল সিয়ে একোখন শিৱধামত পৰিণত হয়। ডুবিৰ ‘দুৰ্বল’ পাহাৰতো মহাদেৱে জিৰাইছিল বুলি জনশ্ৰুতি আছে। ই এক পৌৰাণিক কাহিনী। গতিকে ডুবিৰ প্ৰাচীনতাও যে পুৰনি কালৰে, তাত সন্দেহ নাই।