চিনবোৰৰ পৰা সহজে অনুমান কৰিব পাৰি। তাৰে এটা শিলত (বৰ্ত্তমান বাহিৰত পৰি আছে) কিছুমান ৰেখাৰ চিন দেখা যায়। মাটিৰ তলত শ শ বছৰ পৰি থকা হেতুকে সেইবোৰ অস্পষ্ট হৈ গৈছে। এই চিন আখৰৰো হব পাৰে, চিত্ৰও হব পাৰে বুলি আমাৰ ধাৰণা।
আন এটা লক্ষ্য কৰিব লগা কথা, একেবাৰে তলত গহ্বৰৰ চাৰিকোণত চাৰিটা ডাঙৰ শিলৰ স্তম্ভৰ অস্তিত্ব পোৱা হৈছে। কিন্তু বহু তললৈ এই স্তম্ভ চাৰিটা ব্যাপি থকাৰ বাবে কাম কৰা মানুহে একোপধ্যে তাক উলিয়াব নোৱাৰি স্তম্ভৰ ওপৰৰ পৰাই নিৰ্ম্মাণ কাৰ্য আৰম্ভ কৰে। গুৱাহাটীৰ আমবাৰীত উদ্ধাৰ পোৱা পুৰণি কীৰ্ত্তি- চিহ্নৰ দৰে ডুবি-দেৱালয়ৰ তলতো কোনো দূৰ অতীতৰ অবুজ কাহিনী হয়তো লুকাই আছে। এই শিলৰ স্তম্ভ শিৱসিংহ ৰজাৰ দিনৰ নহয়। কাৰণ শিৱসিংহৰ দিনত প্ৰতিষ্ঠা কৰা মূল বিগ্ৰহটো কোনো লৰচৰ নোহোৱাকৈ যথাযথভাবে আছে। ইতিপূৰ্ব্বে এই শিলৰ স্তম্ভৰ কথা কোনো লোকে জনাও নাছিল। যেনেকৈ কামাখ্যা, নেঘেৰিটিং, বিশ্বনাথ, হাজো, উমানন্দ আদি পুৰণা ধ্বংসাৱশেষৰ ওপৰত ৰজাসকলে নতুন মন্দিৰ নিৰ্ম্মাণ কৰি দিছিল, হয়তো শিৱ- সিংহ ৰজায়ো তেনে প্ৰাচীন ধ্বংসপ্ৰাপ্ত শিৱমন্দিৰৰ ওপৰত পৰি- হৰেশ্বৰ দেৱালয় প্ৰতিষ্ঠা কৰে। প্ৰত্নতত্ত্বৰ দিশৰ পৰা অনুসন্ধান কৰিলে “বহুক্ষেত্ৰত দেখা যায় যে, অতীতৰ ধ্বংসস্তুপৰ ওপৰতে আহোম ৰজাসকলে নতুনকৈ মঠ-মন্দিৰ নিৰ্ম্মাণ কৰি ঐতিহ্য ৰক্ষা কৰি আহিছিল”। (অসমৰ অতীত ঐশ্বৰ্য্য : প্ৰেমধৰ চৌধুৰী)।
ভাস্কৰবৰ্ম্মাৰ পৰা ডুবি দেৱালয়ৰ সময় নিৰূপণ কৰিলেও, এইটো ঠিক যে, মাজ খণ্ডত যি কোনো কাৰণতে ইয়াৰ প্ৰভাৱ হ্ৰাস পাইছিল। কোনো প্ৰাকৃতিক বিপৰ্য্যয়ত মাটিৰ তললৈ একে- বাৰে বহি যোৱাটোও সম্ভৱ হব পাৰে। আহোম যুগৰ প্ৰথমাৰ্দ্ধতো ডুবিৰ কিবা ভূমিকা থকা কথা জনা নাযায়। অষ্টাদশ শতিকাত