পশ্চিম অঞ্চলত নৱাগত বঙালী হিন্দু আৰু মুছলমান কিছু আহি নিগাজীকৈ বসবাস কৰিবলৈ লৈছে। মুছলমানসকলে নিজকে ন-অসমীয়া বুলি পৰিচয় দিয়ে। তদুপৰি ব্যৱসায় আৰু চাকৰিৰ খাতিৰতো অসমৰ বাহিৰৰ কেবাটাও সম্প্ৰদায়ৰ লোক আহি বজালীত সোমাইছে।
আহোম যুগত বজালীত সংস্কৃত আৰু কাইথেলী বিদ্যাৰ প্ৰচলন আছিল। ভোগপুৰ, পাটাচাৰকুছি, গোবিন্দপুৰ, বনগাওঁ আদিত সংস্কৃত চৰ্চ্চা হৈছিল। কেবাগৰাকী পণ্ডিতে কাশী, নৱদ্বীপ আদিত বিদ্যালাভ কৰি নিজ ঘৰতে চতুষ্পাঠী পাতি ছাত্ৰক বিদ্যা দান কৰিছিল। ৰতনপুৰ গাৱঁৰ ৺সৰ্বানন্দ বেদান্তবাগীশ কাশীত সুদীৰ্ঘ এঘাৰ বছৰ অতিবাহিত কৰি বিদ্যালাভ কৰি অহা তেনে এগৰাকী ঋষিতুল্য ব্যক্তি আছিল।
ইংৰাজ আমোলত আধুনিক শিক্ষা আৰম্ভ হয়। সম্প্ৰতি বজালীত বজালী মহাবিদ্যালয়কে লৈ কেবাখনো মাধ্যমিক, দুখন উচ্চতৰ মাধ্যমিক আৰু বহুতো মজলীয়া আৰু প্ৰাথমিক বিদ্যালয় গঢ়ি উঠিছে। কেইবাগৰাকী ছাত্ৰই বিদেশত উচ্চশিক্ষা লাভ কৰি আহি অসম আইৰ উজ্জ্বল কৰিছে। বজালীৰ প্ৰথম বিদেশলৈ যোৱা ব্যক্তিজন হ’ল ৺সিন্ধুৰাম চৌধুৰী (সিন্ধু চাহাব বুলি স্থানীয় ৰাইজে জানে)। তেওঁৰ ঘৰ বামাখাটা গাৱঁত আছিল।
স্বাধীনতা আন্দোলনত বজালীয়ে বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছিল। ৰাইজ-মেলৰ বাহিৰেও ১৯২১ চন, ১৯৪২ চনৰ গণ আন্দোলনত বজালীৰ ভূমিকা সৰ্ব্বজনবিদিত। ’৪২ৰ শ্বহীদ মদন বৰ্ম্মণ আৰু ৰাউতা ৰাম কোঁচৰ নাম ভাৰতৰ স্বাধীনতাৰ বুৰঞ্জীত সোণালী আখৰেৰে লিখা থাকিব। ৺কামেশ্বৰ দাস আৰু ৺চন্দ্ৰপ্ৰভা শইকীয়ানী অসমৰ আগশাৰীৰ নেতৃস্থানীয় সমাজকৰ্ম্মী আছিল।
কলা-সংস্কৃতিৰ দিশতো বজালীৰ ভূমিকা বিশেষভাৱে উল্লেখ যোগ্য। বৈষ্ণৱ যুগত সত্ৰবোৰত ভাওনা, নাম-প্ৰসঙ্গ আদিৰ প্ৰচলন