পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বজালী


কোনো বজালীয়া কোঁৱৰৰ হতুৱাই শাসন কৰাইছিল। তেওঁৰ নামৰ পৰাই ‘বজালী’ নাম হোৱাটো সম্ভৱ।

 কোঁচৰ পিচত কিছু বছৰ বজালী মোগলৰ অধীন হয়। শেষত শৰাইঘাটৰ যুদ্ধৰ ফল স্বৰূপে (১৬৭১ খৃঃ) আহোমৰ অধীনলৈ আহে। বৃটিছ অহাৰ আগলৈকে এই অধিকাৰ বাহাল অছিল।

 কোঁচ আৰু আহোমৰ ৰাজত্ব কালত বজালীত বহুতো জন-হিতকৰ কাম হয়। গোহাঁইকমল আলি মহাৰাজ নৰনাৰায়ণে বন্ধোৱা । উত্তৰৰ গড়ৰ পৰা দক্ষিণ ডুবিলৈ যিটো আলিক কঠোৰ আলি বোলা হয়, সিও সেই সময়তে নিৰ্ম্মাণ কৰা যেন লাগে। গোহাঁই- কমল আলি পুৰণি ধনেশ্বৰী পথৰ ওপৰেদি সজা হৈছিল বুলি কোৱা হয়। সাহিত্যসেৱী শ্ৰীৰঘুনাথ দেৱ চৌধুৰীৰ মতে ‘পোমাৰাৰ পাৰৰ থানাৰ পৰা কুঁৱাৰাৰ ঘাট আৰু ইয়াৰ পৰা বিছানকুছি দেউলগুৰিৰ পশ্চিম পাৰৰ ঘাটলৈ আৰু ইয়াৰ আন পাৰৰ পৰা পোনে পোনে উত্তৰ মুৱাকৈ বজালীৰ বেপাৰৰ কেন্দ্ৰস্থল নাওশালীলৈ থকা এই পথটোৰ নাম ধনেশ্বৰী পথ আছিল। এই পথৰ সময় নিৰ্ণয় কৰা টান হলেও ইয়াক চতুৰ্দ্দশ শতিকা মানৰ দুৰ্লভ নাৰায়ণ ৰজা বা কোনো কমতা-কামৰূপৰ ৰজাই সজোৱা বুলি বিশ্বাস কৰা হয়। •••গোহাঁই- কমল আলিৰ বজালীৰছোৱা গোহাঁইকমল আলি নাম পালে’ (প্ৰগতি)। বৰ্তমানে পাঠশালা-পাটাচাৰকুছি হৈ যোৱা গোহাঁইকমল আলি আচলতে ১৯০১ চনত ইংৰাজ আমোলত নিৰ্ম্মাণ কৰা হৈছে। মূল গোহাঁইকমল আলিটো ‘পুৰণ গোহাঁইকমল আলি’ বুলি কোৱা হয়।

 বজালীত বহুত প্ৰাচীন পুখুৰীৰ চিহ্ন আছে। তাৰ ভিতৰত পাঠশালাৰ পানীশালা আৰু অন্নশালা, মুগুৰীয়াৰ পিঠাখাইতী পুখুৰী, বামাখাটাৰ যোগীৰ পুখুৰী, ৰতনপুৰৰ মেধীৰ পুখুৰী, সাদেৰীৰ ধমধমা পুখুৰী, তিত্কাৰ ধনতোলা পুখুৰী, বৰপুখুৰী, ডুবিৰ গণক-পুখুৰী,