পৃষ্ঠা:Dubi Parihareswar Devalayar Itibritta Hem Chandra Sarma Munindranath Sarma Satish Chandra Chaudhury 1976 Jayanta Sarma Collection.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জাহাঙ্গীৰে ১৬১২ খৃঃত পৰীক্ষিত নাৰায়ণৰ ৰাজ্যখন চেখ ইব্ৰাহীম নামৰ আমিন এজনৰ হতুৱাই মোগল-শাসন প্ৰণালী মতে চাৰিটা চৰকাৰত ভাগ কৰি আগৰ চাকলাবন্দি গুচাই ‘পৰগণা’ কৰিলে। * বজালীও কামৰূপ চৰকাৰৰ অন্তৰ্গত তেনে এখন পৰগণাত পৰিণত হ'ল।

 মোগলৰ অধীনত বজালী পৰগণাৰ উত্তৰ অঞ্চলটো পানবাৰীৰ চৌধুৰীয়ে আৰু দক্ষিণ অঞ্চলটো কাজি বৰুৱাই শাসন কৰিছিল। বৰ্ত্তমান সৰিহ মৌজাৰ তিত্কা গাৱঁতে কাজি বৰুৱাৰ ঘৰ আছিল। কাজি বৰুৱাব বোধহয় মুছলমান সৈন্যও আছিল। আজিও গাওঁখন তিত্‌কা- গৰীয়া বোলা হয়। গৰীয়া পুখুৰী নামে তাত পুখুৰী এটাও আছে। কাজি বৰুৱাই ঘোঁৰা ৰখা ঠাইখিনি ঘোঁৰাশাল-পথাৰ নামে জনা- জাত। বৰপুখুৰী, কাহিধবা পুখুৰী তেওঁৰ আন কীৰ্ত্তিচিহ্ন।

 বজালী নামটোৰ ধাতুগত অৰ্থ বিচাৰি পোৱা টান। এই লৈ মত- ভেদো আছে। ড॰ সূৰ্য্যকুমাৰ ভূঞাদেৱৰ সম্পাদিত কামৰূপৰ বুৰঞ্জীত ‘বজালী কোঁৱৰে খাইছিল মানে পৰগণে বজালী হ'ল’ বুলি লিখা আছে। এই বজালী কোঁৱৰ কোন এই বিষয়ে বুৰঞ্জী নিমাত।

 মুছলমানে কমতা ৰাজ্য জয় কৰাৰ পিচত (১৪৯৮ খৃঃ) কিছুদিনলৈ কামৰূপত তেনে কোনো ক্ষমতাশালী ৰজা নাছিল। ঠায়ে ঠায়ে সৰু সৰু ৰজা কিছুমানে নিজকে স্বাধীন ৰজা বুলি ঘোষণা কৰিছিল। সেই সময়তে উত্তৰ অঞ্চলটো ভূটীয়বিলাকে অধিকাৰ কৰি লয়। পিচত বিশ্বসিংহৰ নেতৃত্বত (১৫১৫-৪০ খৃঃ) কোঁচ শক্তিৰ অভ্যুত্থান হোৱাত সমগ্ৰ অঞ্চলটো এটা সুশৃঙ্খল শাসনাধীনলৈ আহে। মহাৰাজ নৰনাৰায়ণে ভোটক যুঁজত ঘটুৱাই এই অঞ্চলটো উদ্ধাৰ কৰে। বোধহয় ভোটক ভেটা দিবলৈকেই বজালীৰ উত্তৰে থকা ‘গড়’ বোলা ঠাইত কোনো গড় মাৰিছিল; ভোটৰ পৰা উদ্ধাৰ হোৱা এই অঞ্চলটো


  • পৰগণা শব্দটো ফাৰ্চী ‘পৰগণহ’ শব্দৰ পৰা অহা। কিন্তু ড॰ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে ‘পৰগণহ’ সংস্কৃত ‘প্ৰগণহ’ শব্দৰ ফাৰ্চীকৰণ।