পৃষ্ঠা:Chalachitra.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰকাশ কৰিব পৰা অভিনেত্ৰী একোগৰাকীয়ে এই চৰিত্ৰটি স্মৰণীয় অভিনয়ৰ পৰ্যায়লৈ লৈ যাব পাৰিলেহেঁতেন।

 তুলনামূলকভাবে অভিযন্তা গৰকীৰ চৰিত্ৰত তপন দাসৰ অভিনয় অধিক গভীৰ। পৰ্দাত অতি কম সময় থাকিও দৰ্শকৰ মনত চাপ ৰাখি যাব পৰা অভিনয় কৰি তপন দাসে নিজৰ দক্ষতা প্ৰতিপন্ন কৰিব পাৰিছে। আগৰ বহু ছবিত দেখা ‘মেনাৰিজম’ৰ পৰা তপন দাস এই ছবিত আঁতৰি আছে। সংলাপবিহীন অৱস্থাত তপন দাসৰ প্ৰতিক্ৰিয়া প্ৰদৰ্শন অধিক শিল্পসন্মত। মনত এটা দ্বিধা ৰৈ যায়— পৰ্দাত তপন দাসৰ বয়স আৰু অলপ বেছি হোৱা হ'লে ভাল লাগিলহেঁতেন নেকি!

 ভ্ৰাম্যমান থিয়েটাৰৰ মূল অভিনেতাজনৰ চৰিত্ৰ জয়ন্ত দাসে চৰিত্ৰই বিচৰামতেই অভিনয় কৰিছে; কিন্তু চৰিত্ৰটিৰ মানসিক দ্বন্দ আৰু উপলব্ধি দাসৰ অভিনয়ে সাৰ্থকৰূপে প্ৰকাশ কৰিব নোৱাৰিলে। আন চৰিত্ৰবোৰত জুৰি দেবী, লক্ষী বৰঠাকুৰ, প্ৰতিভা চৌধুৰী, ডাঃ হেমেন বৰ্মণ, চেতনা দাস, মিতালী বৈশ্য আদিয়ে ছবিৰ প্ৰয়োজন পূৰণ কৰিছে।

 ছবিৰ পৰিচালকৰ বাবে সৰ্বাধিক প্ৰয়োজনীয় আহিলা হ’ল অভিনেতা-অভিনেত্ৰীসকল। অভিনয় মূলতঃ উপলব্ধি- অনুভৱৰ শিল্প। চিত্ৰনাট্যৰ গভীৰতা উপলব্ধি কৰিব নোৱাৰিলে পৰিচালকে নিজৰ দক্ষতাৰে অভিনেতা-অভিনেত্ৰীসকলক এটা দূৰত্বলৈ লৈ যাব পাৰে; কিন্তু তাৰ পিচত পৰিচালক অসহায় হৈ পৰিবলৈ বাধ্য হয়। ‘আৱৰ্তন’ত একমাত্ৰ তপন দাসৰ বাহিৰে আন কোনো এগৰাকী শিল্পীৰ অভিনয়ত উপলব্ধিৰ গভীৰতাৰ পৰিচয় আমি বিচাৰি নাপালোঁ।

 অভিনেতা-অভিনেত্ৰীৰ পিচতেই আহে কেমেৰা-সম্পদনা, ৰি ৰেকৰ্ডিং, সংগীত আদিৰ প্ৰয়োগৰ কথা। এই আটাইকেইপদ আহিলাই পৰিচালকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত থাকে বাবে এই আহিলাবোৰক পৰিচালকে ইপ্সিত লক্ষ্য বিন্দুলৈ লৈ যাব পাৰে। ‘আৱৰ্তন’ত তাৰ ব্যতিক্ৰম হোৱা নাই।


৮২