পৃষ্ঠা:Chalachitra.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰা হ’ল। আতংকময় আৰু শ্বাসৰূদ্ধকাৰী পৰিবেশত কিন্তু পৰম্পৰাগত ভয়াবহ সংগীত ব্যৱহাৰ কৰাৰ সলনি গভীৰ নৈঃশব্দ ব্যৱহাৰ কৰা হৈছে আৰু সেই নৈশব্দক ঝুলনাখনৰ ক্ৰেক ক্ৰেক শব্দৰে ভংগ কৰি ঈপ্সিত পৰিবেশৰ সৃষ্টি কৰা হৈছে। দৃশ্যটো চলি থকা সময়ত দৰ্শকে প্ৰতিমুহূৰ্ততে সেই বিকট শব্দটোৰ প্ৰতীক্ষা কৰে, যিটো শব্দৰ লগে লগে শিশুটিৰ দেহ ভূপতিত হৈ যাব। সেই শব্দটো দৰ্শকে শুনে, কিন্তু বেলেগ দৃশ্যৰ আৰম্ভণিৰ শব্দ। এই শব্দটোৰ প্ৰয়োগ ইমান সুন্দৰ আছিল যে ই পূৰ্বৰ দৃশ্যৰ প্ৰয়োজনীয় চাহিদাও পূৰণ কৰিলে আৰু নতুন দৃশ্যটোৰ কৌতুহলউদ্দীপক আৰম্ভণিও কৰি দিলে।

 ‘শ্বোলে’ক পৰিচালক ৰমেশ চিপ্পি আৰু সংগীত পৰিচালক আৰ ডি বৰ্মনৰ এনেকুৱা উদ্ভাৱনী আচৰণ ছবিখনৰ বহু অংশত সিঁচৰিত হৈ আছে। ছবিৰ নায়িকা বাসন্তী (হেমা মালিনী)য়ে টাংগাত উঠি পলোৱা দৃশ্যৰ দৰে উত্তেজনামূলক দৃশ্যটো সংগীত পৰিচালক আৰ ডি বৰ্মনে পৰম্পৰাগত সংগীত ব্যৱহাৰ নকৰি ঘোঁৰাৰ খুৰাৰ শব্দ ব্যৱহাৰ কৰিছিল আৰু বাণীবদ্ধ কৰা আচল শব্দত তেওঁ সন্তুষ্ট নহে খ্যাতিমান তবলা বাদক সান্তা প্ৰসাদৰ তবলা সেই শব্দৰ সলনি ব্যৱহাৰ কৰিছিল। ইয়াত তবলাক তাৰ নিজ বৈশিষ্ট্যৰ সলনি শব্দ উৎপাদক আহিলা হিচাপেহে ব্যৱহাৰ কৰা হৈছিল।

 নিৰ্বাক ছবিৰ যুগত ছবি প্ৰদৰ্শন কৰোতে প্ৰজেক্টৰৰ পৰা হোৱা শব্দ ঢাকি দিবলৈ প্ৰেক্ষাগৃহবোৰত বাদ্যযন্ত্ৰ পৰিবেশন কৰা স্থায়ী বাদ্যযন্ত্ৰ ৰখাৰ ব্যৱস্থা কৰা হৈছিল। সেই সংগীত ৰচনা ছবিৰ পৰিচালকৰ মতে হোৱা নাছিল, হৈছিল বাদকসকলৰ নিজস্ব ৰুচি-অভিৰুচি আৰু দক্ষতামতেহে। ফলত একোখন ছবিতেই বিভিন্ন প্ৰেক্ষাগৃহত বিভিন্ন সংগীতৰ সংযোজন ঘটিছিল।

 এই বিশৃংখলতা দূৰ কৰাৰ বাবে প্ৰথম পদক্ষেপ লৈছিল গ্ৰিফিথে। তেওঁ নিজৰ ছবিৰ লগত খাপ খোৱকৈ বিথোভেন, মোজাৰ্ট আদিৰ দৰে সূৰকাৰৰ সংগীত ৰচনা নিৰ্বাচন কৰি লৈছিল আৰু সেই নিৰ্বাচিত ৰচনাৰ সূৰলিপি প্ৰস্তুত কৰি তাক অনুকৰণ কৰাৰ নিৰ্দেশ দিছিল।

 সবাক ছবিৰ আৰম্ভণিয়ে চিত্ৰপৰিচালকসকলৰ সন্মুখত বিপুল সম্ভাৱনাৰ