পৃষ্ঠা:Chalachitra.pdf/৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


মানুহক সহায় কৰিব পাৰে— এই আশাবাদী ধাৰণাৰ প্ৰকাশেৰে ছবিখনৰ সামৰণি মৰা হৈছে।

 

দুই


 ‘আৱৰ্তন’ৰ সৰ্বাধিক শক্তিশালী অংগটো হ’ল চিত্ৰনাট্য।

 এটা বাছ যাত্ৰাৰে ছবি আৰম্ভ হৈছে। গুৱাহাটীৰ পাঞ্জাবাৰী বাছ আস্থানৰ পৰা পাঠশালা অভিমুখে যোৱা বাছত ওচৰা-ওচৰি আসনত বহিছে অভিনেত্ৰীগৰাকী আৰু অভিযন্তাজন। বাছতেই প্ৰথম চিনাকি। সেই সূত্ৰ ধৰিয়েই অভিযন্তাই থিয়েটাৰৰ আখৰা চাবলৈ গৈছে, দুয়োৰে ঘনিষ্ঠতা হৈছে আৰু শেষত দুয়ো থিয়েটাৰৰ জগতৰ পৰা আঁতৰি গৈছে বাছ এখনত⸺ আৰম্ভণিৰ দৃশ্যটোৰ দৰেই।

 কাহিনীৰ মূল পটভূমি ভ্ৰাম্যমান থিয়েটাৰ। নতুন নাট্যবৰ্ষৰ আৰম্ভণিৰ পৰা নাট্যদলটি নাট পৰিবেশন কৰিবলৈ ওলাই যোৱালৈকে এইখিনি সময়ৰ ভিতৰতে কাহিনীটোৱে বিকাশ লাভ কৰিছে। থিয়েটাৰৰ এই প্ৰস্তুতিৰ লগত সমান্তৰালভাৱে আগবাঢ়িছে নায়িকাৰ নতুন জীৱনৰ আৰম্ভণিৰ প্ৰস্তুতি। এই দুয়োটা প্ৰস্তুতিৰ এক আত্মিক মিল আছে আৰু এই মিলেই চিত্ৰনাট্যখন অধিক ঘনবদ্ধ কৰি তুলিছে। দুয়োটা প্ৰস্তুতিয়েই সমান্তৰাল অথচ দুয়োটাৰে মাজত এৰাব নোৱাৰা সম্পৰ্কও আছে।

 অভিনেত্ৰী গৰাকীৰ ঘৰুৱা জীৱনৰ কিছু কথা প্ৰকাশৰ বাবে অলপ সময়ৰ বাবে তেওঁৰ গাঁৱৰ ঘৰলৈ পটভূমি পৰিবৰ্তন কৰা হৈছে, তাৰ বাহিৰে সকলো সময়তে থিয়েটাৰৰ আখৰা ঘৰৰ চৌহদতেই কাহিনীৰ বিস্তাৰ ঘটোৱা হৈছে। সময় আৰু ভৌগোলিক পবিবেশৰ সীমাদ্ধতা থাকিলেও প্ৰতি মুহূৰ্ততে সেই ভৌগলিক পৰিবেশৰ চৰিত্ৰ সলনি হৈ আছে থিয়েটাৰৰ প্ৰস্তুতিৰ বিভিন্ন কামকাজৰ বাবে। এই পৰিবৰ্তন কাহিনীৰ অগ্ৰগতিৰ লগে লগে সাধিত হৈ আছে বাবে প্ৰতিটো দৃশ্যই উপস্থাপিত হৈছে নতুন নতুন যাত্ৰাৰে। দুটামান সৰু উদাহৰণ:

থিয়েটাৰৰ নাট্যাৰম্ভ হৈছে — তাৰ পিচতেই থিয়েটাৰ চৌহদত অভিযন্তাৰ

৭৮