পৃষ্ঠা:Chalachitra.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাবেই কাহিনী কথনৰ উপৰুৱা আৱৰণ এটি পৰিত্যাগ কৰা নাছিল। ‘আৱৰ্তন’-এ এই ধৰাণা অধিক দৃঢ় ৰূপত প্ৰতিষ্ঠিত কৰিলে।

 ‘আৱৰ্তন'ৰ বাবে ডঃ শইকীয়াই কোনো পুৰণি গল্পৰ আশ্ৰয় লোৱা নাই। তেখেতৰ অলেখ সুলিখিত গল্পৰ মাজত চলচ্চিত্ৰ উপযোগী গল্পৰ নিশ্চয় অভাৱ হোৱা নাই। তেন্তে কিয় ‘আৱৰ্তন'ৰ বাবে সম্পূৰ্ণ নতুন কাহিনীৰ চিত্ৰনাট্য ৰচনাৰ কষ্ট কৰিবলগীয়া হ’ল?

 সামগ্ৰিকভাবে ডঃ শইকীয়াই শিল্পী সত্তাৰ এটি বেলেগ পৰ্যায়ত ভৰি দিছে। মধ্যবিত্তীয় জীৱনৰ সাৰ্থক ৰূপকাৰ ডঃ শইকীয়াই এতিয়া মধ্যবিত্তীয় জীৱনৰ দৈনন্দিন কাহিনীৰ পৰা মুক্তি বিচাৰি জীৱন সম্পৰ্কীয় নানান দাৰ্শনিক প্ৰশ্নৰ উত্তৰ বিচাৰিছে নিজৰ শিল্পকৰ্মৰ মাজেৰে। ‘সাৰথি’ আছিল তাৰ প্ৰথম পদক্ষেপ। সেয়ে মূল গল্প ‘ফাউণ্ডেচন’ আৰু ছবি ‘সাৰথি’ৰ মাজত আকাশ পাতাল পাৰ্থক্য। এতিয়াৰ বয়স্ক, অভিজ্ঞ আৰু অনুভূতিৰ গভীৰ স্তৰলৈ গতি কৰা ডঃ শইকীয়াই পূৰ্বৰ গল্পবোৰৰ মাজত হয়তো এতিয়াৰ উপলব্ধিৰ গভীৰতা বিচাৰি পোৱা নাই। সেয়ে আবৰ্তনৰ বাবে লেখি উলিয়াইছে নতুন কাহিনী, যি কাহিনীত ঘটনাৰ আধিক্য নাই, আছে মানৱ মনৰ নানান স্তৰৰ বৰ্ণনা, জীৱন সম্পৰ্কে নিজস্ব উপলব্ধি, যি উপলব্ধি ডঃ শইকীয়াৰ পূৰ্বৰ গল্প- উপন্যাসত প্ৰতিফলিত হোৱা নাছিল।

 ডঃ শইকীয়াৰ অধিকাংশ ছবিৰ দৰেই এই ছবিৰ কেন্দ্ৰীয় চৰিত্ৰও এগৰাকী নাৰী। যৌৱন কালত জীৱনটোক নানান ধৰণে উপভোগকৰি নিজৰ পৰিয়াল আৰু সমাজৰ পৰা আঁতৰি থাকিব বিচৰা যুৱতী গৰাকীয়ে জীৱন নিৰ্বাহৰ বাবে আশ্ৰয় ল’লে ভ্ৰাম্যমান থিয়েটাৰত। এটি যাত্ৰাত অভাৱনীয়ভাবে লগ পালে এগৰাকী ডেকা-অভিযন্তাক, যিয়ে তেওঁক ভ্ৰাম্যমান থিয়েটাৰৰ জগতৰ পৰা লৈ গৈ সাংসাৰিক জীৱনৰ সোৱাদ দিব বিচাৰিলে।

 আপত্তি আহিল থিয়েটাৰৰ প্ৰযোজকৰ দিশৰ পৰা। থিয়েটাৰৰ মূল

নায়িকাগৰাকী- যি গৰাকী তেওঁলোকৰ অৰ্থ উপাৰ্জনৰ মূল আহিলা-

৭৫