পৃষ্ঠা:Chalachitra.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘আৱৰ্তন’

 

এক

 ভাৰতৰ নব্যধাৰাৰ ছবিৰ অধিকসংখ্যক পৰিচালকেই কেইখনমান ছবি নিৰ্মাণ কৰি উঠিয়েই স্থবিৰ অৱস্থাত উপনীত হয়। শিল্পী এজনে গতিশীল অৱস্থাত থাকিবলৈ যি ধৰণৰ বৰ্ধনৰ প্ৰয়োজন হয়, তাৰ অভাবেই এই স্থবিৰতা আনি দিয়ে। জীৱনৰ গভীৰ সত্য সন্ধান স্পৃহাইহে এই গতিশীলতা অক্ষুন্ন ৰাখিব পাৰে। যি সীমিত সংখ্যক পৰিচালকে এই গতিশীলতা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে, তাৰে এগৰাকী হ’ল ডঃ ভবেন্দ্ৰনাথ শইকীয়া।

 ‘সন্ধ্যাৰাগ' আৰু ‘অনিৰ্বাণ’ত ডঃ শইকীয়াই গল্প একোটিক চলচ্চিত্ৰলৈ ৰূপান্তৰিত কৰিছিল। ‘অগ্নিস্নান’ত কাহিনী বা গল্প নহয়, বক্তব্য এটিক চলচ্চিত্ৰৰ মাজেৰে ক’ব বিচাৰিছিল; ‘কোলাহল’ ছবিখনৰ মূল আধাৰ গল্প আছিল যদিও, ছবিখনৰ গভীৰতাই গল্পক চেৰাই গৈছিল। এই ক্ৰমণিকালৈ লক্ষ্য কৰিলে এইটো স্পষ্ট হয় যে ছবিৰ মাজেৰে গল্প কোৱাৰ প্ৰৱণতা বাদ দি ডঃ শইকীয়াই ছবিক তেওঁৰ জীৱনৰ উপলব্ধি প্ৰকাশৰ মাধ্যম হিচাবে গ্ৰহণ কৰিছে। ‘সাৰথি’ ছবিখনৰ আধাৰ যদিও ‘ফাউণ্ডেচন’ নামৰ স্বৰচিত গল্প এটি আছিল বুলি কোৱা হৈছিল, তথাপিতো ছবি আৰু গল্পৰ মাজত সামান্য সাদৃশ্যহে বিচাৰি পোৱা যায়। ‘ফাউণ্ডেচন’ গল্পটো আছিল মধ্যবিত্তীয় জীৱনৰ সুন্দৰ ছবি, তাতকৈ অধিক নহয়; কিন্তু ‘সাৰথি’ ছবিখনৰ ক্ষেত্ৰত মধ্যবিত্তীয় পৰিয়ালটো অবলম্বনহে মাত্ৰ, মূল বক্তব্য হ’ল জীৱন সম্পৰ্কে স্ৰষ্টাৰ ধাৰণা। দাৰ্শনিক গভীৰতা আৰু সামাজিক মূল্যবোধৰ সমালোচনা- ‘সাৰথি’ৰ মূল শক্তি।

 ‘সাৰথি’ ডঃ শইকীয়াৰ শিল্পীসত্তাৰ পৰিবৰ্তনৰ বিন্দু। গল্পৰ যাদুকৰ ডঃ শইকীয়াই গল্প কোৱাৰ মোহ পৰিত্যাগ কৰি দৰ্শন ভিত্তিক ছবি

কৰিবলৈ আগিবাঢ়িছে ‘সাৰথি’ৰ পৰাই। অৱশ্যে বৰ্ণনাধৰ্মী ছবি কৰা

৭৪