পৃষ্ঠা:Chalachitra.pdf/৬৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


শিল্পৰ মহত্ব অনুভৱ কৰা যায়।

 চলচ্চিত্ৰ পৰিচালক এগৰাকীৰ বাবে অইনে কাহিনী ৰচনা কৰে, অইনে চিত্ৰনাট্য, সংলাপ ৰচনা কৰিব পাৰে, অভিনেতা-অভিনেত্ৰীয়ে সেইবোৰ অভিনয় কৰে, যান্ত্ৰিক দিশৰ কাৰিকৰসকলে চেলুলয়ডৰ বুকুত কাহিনীটোক প্ৰতিষ্ঠা কৰে। তেন্তে, এই কাৰিকৰসকলক নিৰ্দেশ দিয়া আৰু সেষ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাহিৰে পৰিচালক এজনৰ কাম কি?

 সাধাৰণভাৱে ইয়াৰ উত্তৰ এনেদৰে দিব পাৰি⸺ ছবিখন পৰিচালকৰ মানসপুত্ৰ। এই সকলো কাৰিকৰী কামৰ সীমা আৰু বান্ধোন অতিক্ৰম কৰি, এওঁলোকৰ সহযোগত নিৰ্মাণ কৰা দেহটোত প্ৰাণসঞ্চাৰ কৰাটোৱেই পৰিচালকৰ কাম। বেলেগৰ কাহিনীৰ দেহটো পৰিচালকে গ্ৰহণ কৰিব পাৰে, কিন্তু প্ৰাণ-প্ৰতিষ্ঠা কৰা দায়িত্ব একমাত্ৰ পৰিচালকৰহে। জীৱন সম্পকে উপলিব্ধ, চিন্তা আৰু অনুভূতিৰ গভীৰতা, অন্তৰ্দৃষ্টি আৰু মৌলিকতা এইবোৰেই প্ৰাণ-প্ৰতিষ্ঠাৰ উপাদান। সকলো কলাৰ ক্ষেত্ৰতেই স্ৰষ্টাৰ মৌলিকত্ব অন্যতম প্ৰধান গুণ হিচাবে বিবেচনা কৰা হয়। Every artist dips his brush in his own soul, and paints his own nature into his painting. হেনৰী ৱাৰ্ড বিচ্চাৰৰ এই ফাঁকি কথাই সকলো কলাৰ মৌলিকত্বৰ কথাকেই স্পষ্টভাৱে প্ৰকাশ কৰিছে।

 জাহ্নু বৰুৱাৰ প্ৰথমখন ছবি ‘অপৰূপা’ (হিন্দীত ইয়াৰ নাম ‘অপেক্ষা’) আছিল নাৰী-পুৰুষ সম্পৰ্কৰ ছবি। স্বামীৰ দ্বাৰা অবহেলিত হোৱা বুলি অনুভৱ কৰা এগৰাকী নিসংগ নাৰীয়ে তেওঁৰ পূৰ্বৰ প্ৰেমিকৰ সতে নতুন ঘৰ বন্ধাৰ সপোন দেখাৰ কাহিনী এই ছবিত প্ৰকাশ কৰা হৈছে। অসমীয়া ছবিজগতত এই কাহিনী ব্যতিক্ৰমী যেন লাগিব পাৰে। কিন্তু প্ৰায় সমধৰ্মী কাহিনীৰ ছবি পূৰ্বতেই হিন্দী ভাষাৰ নিৰ্মিত হৈছিল। বিনোদ পাণ্ডেৰ ‘একবাৰ ফিৰ’ বা শৰৎ চন্দ্ৰ কাহিনী আধাৰিত বান্ধ চেটাজীৰ ‘স্বামী’ৰ কথা উয়াতে উল্লেখ কৰিব পাৰি। পৰিচিত কাহিনী একোটিয়েও নতুন নতুন ব্যাখ্যাৰ আলোকত মৌলিক ৰূপ ধাৰণ

কৰাৰ উদাহৰণ নথকা নহয়। কিন্তু জাহ্নু বৰুৱাৰ ‘অপৰূপা’ত কোনো

৫৮