পৃষ্ঠা:Chalachitra.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 বিদেশী প্ৰতিনিধিসকলক আমন্ত্ৰণ কৰি আনি ৰাজকীয় আপ্যায়ণ দি ৰখাৰ কাৰণ হ’ল সেইসকলৰ সৌজন্যত ভাৰতীয় ছবিয়ে বিদেশৰ এখন বজাৰ লাভ কৰাৰ আশা। এৰা সম্পূৰ্ণ ব্যৱসায়িক আচৰণৰ বাহিৰে আন একো নহয়। চলচ্চিত্ৰ উদ্যোগৰ স্বাৰ্থত এনে ব্যৱসায়িক আচৰণৰ প্ৰয়োজন আছে; কিন্তু তাক মহোৎসৱৰ অংগ কৰাৰ প্ৰয়োজন কি? তাকতো সম্পূৰ্ণ ‘বিজনেচ টুৰ’ৰ আখ্যাৰে আখ্যায়িত কৰিব পাৰি।

 এই চলচ্চিত্ৰ মহোৎসৱ সম্পূৰ্ণভাৱে চৰকাৰী পৃষ্ঠপোশকতা আৰু ৰাজহুৱা ধনৰ ব্যৱহাৰেৰে আয়োজিত। কল্যাণকামী ৰাষ্ট্ৰৰ আদৰ্শ অনুযায়ী চলচ্চিত্ৰ কলাৰ বিকাশৰ স্বাৰ্থত চৰকাৰে ৰুচিসম্পন্ন, শিল্পগুণবিশিষ্ট চলচ্চিত্ৰৰ বিকাশৰ পোষকতা কৰাটো প্ৰশংসনীয় আৰু প্ৰয়োজনীয়। সেয়ে চলচ্চিত্ৰ মহোৎসৱত চৰকাৰে সিল্পগুণসন্মত ছবিবোৰৰ প্ৰতিহে মনোযোগ দিয়াটো বাঞ্ছণীয়। কিন্তু আজি কেইবছৰমানৰ পৰা চলচ্চিত্ৰ মহোৎসৱত বোম্বাইৰ তথাকথিত গ্লেমাৰাইজড্‌ হিন্দী ছবি আৰু ছবি জগতৰ তাৰকাৰ প্ৰাধান্য বৃদ্ধি পাই আহিছে। ‘মেইনষ্ট্ৰিম’ নামেৰে লেবেল লগাই তথাকথিত ব্যৱসায়িক ছবিৰ প্ৰতি চৰকাৰে অধিক আগ্ৰহী মনোভাব প্ৰদৰ্শন কৰি আহিছে। ব্যৱসায়ৰ উদ্দেশ্যে নিৰ্মাণ কৰা ছবিবোৰে নিজে নিজৰ প্ৰকাশ-প্ৰচাৰ- প্ৰসাৰৰ সুবিধা সৃষ্টি কৰি লৈছেই। এনে ছবিক চৰকাৰী পৃষ্ঠপোষকতা প্ৰদান কৰাৰ যুক্তি আৰু তাক মহোৎসৱৰ লগত সাঙুৰি দিয়াৰ মতলব বুজা নাযায়। বিদেশী প্ৰতিনিধিসকলে ‘মেইনষ্টিম’ ছবি চাব বিচাৰে, কিনিব বিচাৰে, - ইত্যাদি যুক্তি সময়ে সময়ে পৰিবেশন কৰা হয় যদিও এই যুক্তি গ্ৰহণযোগ্য হ’ব নোৱাৰে। কাৰণ সম্ভাৱ ক্ৰেতাৰ মৰ্জিৰ বাবে আৰু ব্যৱসায়ৰ উদ্দেশ্য সাধনৰ বাবে যদি মহোৎসৱৰ আয়োজন কৰা হয়, তেন্তে মহোৎসৱ আৰু অইন ‘ট্ৰেড ফেয়াৰ’ৰ মাজত পাৰ্থক্য বা ৰ’ল কি? অথচ বাস্তৱত সেইটোৱেই হৈ আছে আৰু আৰম্ভণি অনুষ্ঠানত মন্ত্ৰী-বিষয়াসকলে প্ৰদান কৰা শিল্প-সংস্কৃতি বিষয়ক ভাষণৰ পিচতেই মহোৎসৱ ৰূপান্তৰিত হৈ পৰিছে সাধাৰণ ‘ব্যৱসায়িক উন্নয়ন অনুষ্ঠান’লৈ।

 পুনৰ সাধাৰণ দৰ্শক প্ৰশ্নলৈ আহো। চলচ্চিত্ৰ মহোৎসৱত উচ্চমানৰ

৫৪